ETV Bharat / state

শিমলুগুৰিত ৰঙালী বিহু উদযাপন

author img

By

Published : Apr 19, 2021, 10:19 PM IST

অসম-অৰুণাচল সীমান্তৱৰ্তী শিমলুগুৰিৰ হিমালয়া গ্ৰাম্য সংগঠনৰ সৌজন্যত শিমলুগুৰি বিহু বাকৰিত এদিনীয়া কাৰ্যসূচীৰে বাপতি সাহোন ৰঙালী বিহু উদযাপন কৰা হয় ৷

শিমলুগুৰিত ৰঙালী বিহু উদযাপন
শিমলুগুৰিত ৰঙালী বিহু উদযাপন

বিহপুৰীয়া,19 এপ্ৰিল: অসম-অৰুণাচল সীমান্তৱৰ্তী শিমলুগুৰিৰ হিমালয়া গ্ৰাম্য সংগঠনৰ সৌজন্যত শিমলুগুৰি বিহু বাকৰিত এদিনীয়া কাৰ্যসূচীৰে বাপতি সাহোন ৰঙালী বিহু উদযাপন কৰা হয় ৷ পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰ মাজেৰে অনুষ্ঠিত হয় এই ৰঙালী বিহুখনি ৷ ৰঙালীৰ এই আদৰণি উৎসৱত বিভিন্ন গোটৰ মহিলাসকলৰ দ্বাৰা পৰিৱেশন কৰা হয় জেং বিহু আৰু বোৱাৰী বিহু প্ৰতিযোগিতা ৷ অনুষ্ঠানত অসমৰ বিভিন্ন কৃষ্টি-সংস্কৃতিৰ লোকনৃত্য পৰিৱেশন কৰা হয় ৷

শিমলুগুৰিত ৰঙালী বিহু উদযাপন

উল্লেখ্য যে, ৰঙালীৰ এই অনুষ্ঠানত পুৱা গছপুলি ৰোপণ আৰু পতাকা উত্তোলন কৰে শিমলুগুৰি জীৱিকা সখী মৃদুলা বসুমতাৰীয়ে ৷ স্মৃতি তৰ্পণ কৰে স্বপ্না হাজোৱাৰীয়ে ৷ মঞ্চ উদ্বোধন কৰে হিমালয়া গ্ৰাম্য সংগঠনৰ সভানেত্ৰী উষা দৈমাৰীয়ে ৷

লগতে পঢ়ক: বগৰীবাৰীৰ ভগ্ন মথাউৰি পৰ্যবেক্ষণ ভৱেশ কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.