বিহপুৰীয়া,27মেঃ বিহপুৰীয়াৰ বিভিন্ন প্ৰান্তত ডিক্ৰং আৰু সোৱণশিৰী নদীৰ ভয়াৱহ খহনীয়া অব্যাহত আছে ৷ শেহতীয়াকৈ নদী দুখনৰ খহনীয়াত জাহ গৈছে হেজাৰ হেজাৰ বিঘা কৃষি ভূমি,গৃহহীন হৈছে কুৰিটাৰো অধিক পৰিয়াল ৷ ৰাজ্যৰ জলসম্পদ বিভাগৰ চৰম অকৰ্মণ্যতাৰ বাবেই এতিয়া আপোন মাটি ভেটি এৰি নিৰাপদ দূৰলৈ ঢাপলি মেলিছে খহনীয়াগ্ৰস্ত সকল ৷
বিহপুৰীয়াৰ দক্ষিণ প্ৰান্তৰ বটুমচুক গাৱঁত সোৱণশিৰিৰ খহনীয়াৰ কবলত পৰি ৰামাও পেগু,কোলোক পেগু, ৰমাকান্ত পেগু,মলয়া পেগু,কৃষ্ণকান্ত পেগু,পানৈ পেগু,ভোগেশ্বৰ পেগু,বিদ্যেশ্বৰ পেগু,অচিন পেগু,চবিকান্ত পাঠৰী আৰু নিৰন পেগুসহ এ‘ঘাৰটা পৰিয়ালে বাসগৃহ স্থানান্তৰ কৰিছে ৷ বিগত বৰ্ষতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাক লগত লৈ অঞ্চলতো পৰিদৰ্শন কৰি খহনীয়া ৰোধৰ প্ৰতিশ্ৰুতি দিছিল যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল ৷ সম্প্ৰতি চৰকাৰ জনপ্ৰতিনিধি তথা জলসম্পদ বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে স্থানীয় ৰাইজ ৷
লগতে পঢ়কঃ ধিঙত ৩ গৰাকী ব্যক্তিৰ দেহত কৰ'ণা ভাইৰাছ