লখিমপুৰ,28মেঃ অসম দেশৰ বাবে বিষম কথা ২ কোটি ১৪ লাখ টকাৰ নিৰ্মাণ কৰা এটা মথাউৰি, সোৱণশিৰীৰ খহনীয়াত জাহ গ'ল বৃহৎ অংশ ৷ ইপিনে থাকি যোৱা অংশ এতিয়া জলসম্পদ বিভাগৰ কৃপাত খহাইছে এ‘চকে ভেটৰে।
কাৰণ সোৱণশিৰীৰ পানী ভেটিবলৈ খহনীয়া ই শেষ কৰা মথাউৰি টোকে খহাই কাষতে নিৰ্মান কৰিছে আন এটা মথাউৰি। কিন্তু খহনীয়া ৰোধৰ ব্যৱস্থা কৰাৰ বিপৰীতে নৈয়ে খহোৱা মথাউৰি খান্দি জলসম্পদ বিভাগে কাষতে মথাউৰি নিৰ্মান কৰাক লৈ এতিয়া ক্ষোভিত লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ পুৰনি ধুনাগুৰীৰ ৰাইজ।
ৰাইজক দাবী প্ৰথমে খহনীয়া ৰোধৰ ব্যৱস্থা কৰক বিভাগটোৱে নহলে সোৱণশিৰীৰ খহনীয়াত নিশেষ হৱ সকলো।ইপিনে ৰাইজৰ অভিয়োগ জোৰ পুৰি হাত পোৱাৰ সময়ত সাৰ পাইছে জলসম্পদ বিভাগ। কিন্ত এতিয়া প্ৰথমে গঢ়া খহনীয়া ৰোধ কৰাৰ ব্যৱস্থা কৰক মঠাউৰী ৰ ন‘হলে ২কোটি ১৪ লাখৰ লগতে সোৱণশিৰীত জাহ জাব পুণৰ আৱন্তন কৰা চৰকাৰী ধন।
লগতে পঢ়কঃ গুৱাহাটীত সতৰ্ক সীমা অতিক্ৰম ব্ৰহ্মপুত্ৰৰ জলস্তৰ