ETV Bharat / state

বিহপুৰীয়াত ধুমুহাত ক্ষতিগ্ৰস্ত ৰাইজৰ খবৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ - অচ্যুত শইকীয়া

পথালিপাহাৰ গাঁৱত সংঘটিত হোৱা বিধ্বংসী ধুমুহাত ক্ষতিসাধন হৈছিল গাঁওখনৰ বহু কেইটা বাসগৃহৰ লগতে অন্যান্য সা-সম্পত্তি ৷ আজিকোপতি দুৰ্ভগীয়া লোকসকলৰ প্ৰতি চৰকাৰ তথা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷

bihpuria-strom
বিহপুৰীয়াত ধুমুহাত ক্ষতিগ্ৰস্ত ৰাইজৰ খবৰ লবলৈ আহৰি নাই জনপ্ৰতিনিধিৰ
author img

By

Published : Nov 20, 2020, 4:28 PM IST

বিহপুৰীয়া, 20 নৱেম্বৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পথালিপাহাৰ গাঁৱত ধুমুহাত বিস্তৰ ক্ষতিসাধন হোৱাৰ তিনিদিনৰ পাছতো খবৰ ল'বলৈ আহৰি নহ'ল স্থানীয় জনপ্ৰতিনিধিৰ ৷ পথালিপাহাৰ গাঁৱত সংঘটিত হোৱা বিধ্বংসী ধুমুহাত ক্ষতিসাধন হৈছিল গাঁওখনৰ বহু কেইটা বাসগৃহৰ লগতে অন্যান্য সা-সম্পত্তি ৷ আজিকোপতি দুৰ্ভগীয়া লোকসকলৰ প্ৰতি চৰকাৰ তথা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷

বিহপুৰীয়াত ধুমুহাত ক্ষতিগ্ৰস্ত ৰাইজৰ খবৰ লবলৈ আহৰি নাই জনপ্ৰতিনিধিৰ

শুকুৰবাৰে ধুমুহাত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল সমূহৰ খবৰ ল'বলৈ উপস্থিত হয় অসম জাতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়ক অচ্যুত শইকীয়া ৷ তেখেতে ধুমুহাই ক্ষতি কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰি স্থানীয় জনপ্ৰতিনিধিয়ে বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আক্ষেপ প্ৰকাশ কৰে ৷

লগতে পঢ়ক: পাটবাউসী সত্ৰৰ ভকত সকলৰ মাজত আয়ুৰ্বেদিক ঔষধ বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.