বিহপুৰীয়া,25জুন : লখিমপুৰ জিলাৰ ধলপুৰত বিশেষ ভাৱে সক্ষম এগৰাকী ছাত্ৰই ভৰিৰে লিখি সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত কলা শাখাত প্ৰথম বিভাগত উৰ্ত্তীণ হ’বলৈ সক্ষম হৈছে ৷ সৌৰভ অধিকাৰী নামৰ পিতৃহীন ছাত্ৰ গৰাকীয়ে আৰ্থিক দুৰৱস্থাৰ লগতে শাৰিৰীক ভাৱে বাধাগ্ৰস্ত হৈও ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলা শাখাত অধ্যয়ন কৰি অসমীয়াত লেটাৰ সহ প্ৰথম বিভাগত উৰ্ত্তীণ হ’বলৈ সক্ষম হয় ৷
শাৰীৰিক বাধাগ্ৰস্ততা অথবা আৰ্থিক দুৰৱস্থা যে শিক্ষাত হেঙাৰ হ’ব নোৱাৰে তাৰেই প্ৰমাণ কৰি দেখুৱালে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলপুৰৰ এগৰাকী শাৰীৰিক ভাবে সক্ষম ছাত্ৰ সৌৰভ অধিকাৰীয়ে ।
লগতে পঢ়কঃ 454 নম্বৰৰে বাণিজ্য শাখাত সপ্তম স্থান দখল অৰিজিৎ সাহাৰ