ETV Bharat / state

কৰ’ণা ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ নাৰায়ণপুৰত ভাওনাৰ আয়োজন - ভাওনা

বৃহস্পতিবাৰে নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী ফুলনি থানত সাংস্কৃতিক অনুষ্ঠান সত্ৰীয়া ৰঙ্গালয়ৰ উদ্যোগত ভাওনা প্ৰদৰ্শন ৷ ভাগৱতৰ মনোৰম কাহিনীৰে সমৃদ্ধ ‘বেন উপাখ্যান’ নামেৰে ভাওনা প্ৰদৰ্শন কৰে স্থানীয় নিৰ্বাচিত শিল্পীবৃন্দই ।

Narayanpur Bhaona
নাৰায়ণপুৰত ভাওনাৰ আয়োজন
author img

By

Published : Oct 30, 2020, 10:50 AM IST

বিহপুৰীয়া,30 অক্টোবৰ : কৰ’ণা মহামাৰীৰ ত্ৰাসৰ পৰা পৰিত্ৰাণ বিছাৰি বৃহস্পতিবাৰে লখিমপুৰৰ নাৰায়ণপুৰত ভাওনা প্ৰদৰ্শন । নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী ফুলনি থানত সাংস্কৃতিক অনুষ্ঠান সত্ৰীয়া ৰঙ্গালয়ৰ উদ্যোগত স্থানীয় নিৰ্বাচিত শিল্পীসকলে ভাগৱতৰ মনোৰম কাহিনীৰে সমৃদ্ধ ‘বেন উপাখ্যান’ নামেৰে ভাওনা প্ৰদৰ্শন কৰে ।

নাৰায়ণপুৰত ভাওনাৰ আয়োজন

উল্লেখ্য যে,এখন ভাওনাত যিমান পূণ্য প্ৰাপ্তি হয়,সেয়া সাতভাগ বৰ সবাহৰ সমান । অসমীয়া সমাজৰ এই বিশ্বাস আৰু প্ৰবাদ অনুসৰিয়েই এই ভাওনা প্ৰদৰ্শন কৰা হয় । শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰৰ বৰবায়ন তথা সত্ৰীয়া ৰঙ্গালয়ৰ সম্পাদক উপেন কুমাৰ বৰুৱাৰ পৰিচালনাত অনুষ্ঠিত হয় এই ভাওনাখন ৷ ভাওনা দৰ্শনৰ বাবে বৃহত্তৰ অঞ্চলটোৰ বহু সংখ্যক লোক উপস্থিত থাকে । আনহাতে, দীৰ্ঘ বিৰতিৰ অন্তত অভিনয় কৰিবলৈ পাই সন্তুষ্টি লাভ কৰে শিল্পীসকলে ৷

লগতে পঢ়ক : ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক কুলধৰ দাস আৰু নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.