ETV Bharat / state

মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীতো আৰম্ভ নাম প্ৰসংগ - মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী

আজি পহিলা ভাদ । হৰি নামৰ ধ্বনিৰ মুখৰিত ৰাজ্যৰ নামঘৰ-মন্দিৰ ৷ মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীতো আজিৰে পৰা আৰম্ভ হৈছে নাম প্ৰসংগ(Mahapurush Sri Sri Madav deva) ৷

bhadiya-nam-started-at-sri-sri-dhuwahat-belguri-than-sastra
বাৰ বৈষ্ণৱৰ জন্মস্থান নাৰায়ণপুৰতো আৰম্ভ হৈছে নাম কীৰ্ত্তন
author img

By

Published : Aug 18, 2022, 2:23 PM IST

বিহপুৰীয়া, 18 আগষ্ট: আজি পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন । হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ । বাৰ বৈষ্ণৱৰ জন্মভূমি নাৰায়ণপুৰৰ সত্ৰ-নামঘৰসমূহতো আজিৰে পৰা আৰম্ভ হৈছে নাম প্ৰসংগ । মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীতো আজিৰে পৰা আৰম্ভ হৈছে নাম প্ৰসংগ ৷ শাওণৰ সংক্ৰান্তিৰ সন্ধিয়াৰ পৰা প্ৰতিখন সত্ৰত নিজস্ব ৰীতি-নীতি আৰু ঐতিহ্য-পৰম্পৰাৰে সমগ্ৰ ভাদ মাহত পৰিৱেশন কৰা হ’ব শংকৰ-মাধৱ গুৰু দুজনাৰ সৃষ্টিৰাজিৰ শ্ৰৱণ কীৰ্তন ৷

বাৰ বৈষ্ণৱৰ জন্মস্থান নাৰায়ণপুৰতো আৰম্ভ হৈছে নাম কীৰ্ত্তন

গুৰুদুজনাৰ মণিকাঞ্চন সংযোগৰ স্মৃতি বহনকাৰী নাৰায়ণপুৰৰ ধুৱাহাট বেলগুৰি সত্ৰত(Sri Sri Dhuwahata Belguri Than Satra) সংক্ৰান্তিৰ সন্ধিয়া ভকতসকলে এনেদৰে আৰম্ভ কৰিলে গায়ন-বায়নৰ ধেমালি ৷ ভাদমাহৰ প্ৰতিটো সন্ধিয়া ভকতসকলে সত্ৰৰ কীৰ্তন ঘৰত পৰিৱেশন কৰিব এই ধেমালি ৷ উল্লেখ্য যে, এই ধেমালি একমাত্ৰ ভাদমাহত পৰিৱেশন কৰা হয় ৷ ইয়াৰ মাজতে সত্ৰীয়া পৰম্পৰা অনুসৰি চাৰিদিনীয়াকৈ উদ্‌যাপন কৰিব শংকৰগুৰু, মাধৱগুৰু আৰু পদ্মআতাৰ তিথি ৷

সত্ৰৰ নিয়মীয়া নাম প্ৰসংগৰ উপৰিও ভাদ মাহত গুৰুদুজনাৰ সৃষ্টিৰাজি, গীত, মাত, নৃত্য আৰু ভাওনা প্ৰদৰ্শন অব্যাহত থাকিব ৷ উল্লেখ্য যে, বদলা সত্ৰ, সক্ৰাহী সত্ৰ, বেলগুৰি সত্ৰ, শিয়ালমৰা সত্ৰ আদিত অনুষ্ঠিত হোৱা ভকতসকলৰ ভাদমহীয়া গায়ন-বায়ন আৰু শ্ৰৱণ কীৰ্তন দৰ্শন কৰিবলৈ দূৰ-দূৰণিৰ পৰা ভকত বৈষ্ণৱৰ আগমন ঘটে ৷

লগতে পঢ়ক : হৰি নামৰ ধ্বনিৰ মুখৰিত ঢেকীয়াখোৱা বৰনামঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.