ETV Bharat / state

Beauty Enhancement Scheme : সৌন্দর্য বৰ্ধন আঁচনিয়ে হানি কৰিছে লখিমপুৰৰ সৌন্দর্য - ভালুকৰ সাঙীত পৰিণত হ’ল সৌন্দর্য বৰ্ধন আঁচনি

সৌন্দর্য বৰ্ধন আঁচনিয়ে সৌন্দর্য বৰ্ধন কৰে । পিছে লখিমপুৰ নগৰত দেখা গৈছে ওলোটা প্ৰতিচ্ছবিহে । সৌন্দর্য বৰ্ধনৰ নামত সংস্থাপন কৰা আঁচনিয়ে সৌন্দর্য হানিহে কৰিছে নগৰখনত (Beauty Enhancement Scheme Harms Lakhimpur Beauty) ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷

Beauty Enhancement Scheme
সৌন্দর্য বৰ্ধন আঁচনিয়ে হানি কৰিছে লখিমপুৰৰ সৌন্দর্য
author img

By

Published : Aug 6, 2022, 7:59 PM IST

লখিমপুৰ, ৬ আগষ্ট : লখিমপুৰত ভালুকৰ সাঙীত পৰিণত হ’ল সৌন্দর্য বৰ্ধন আঁচনি । পৌৰসভাৰ দুৰ্বল ভূমিকাই এনে অৱস্থাৰ সৃষ্টি কৰিছে । নগৰৰ মাজত ভেকুলীৰ বাসস্থান অথবা ম’হ-ডাঁহৰ কণী পৰা সুচল ঠাইত পৰিণত হৈছে পানীৰ ফোৱাৰা । বছৰৰ পাচত বছৰ ধৰি অব্যৱহৃত হৈ পৰি ৰোৱা পানীৰ ফোৱাৰাই নগৰখনৰ সৌন্দর্য হানি কৰিছে (Beauty Enhancement Scheme Harms Lakhimpur Beauty) ।

জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু আদালত ভৱনৰ সমীপতে অব্যৱহৃত হৈ পৰি আছে এটা পানীৰ ফোৱাৰা । ২০১১/২০১২ চন মানত ৰাষ্ট্ৰীয় সমবিকাশ যোজনাৰ ৰাহি ৩ লক্ষাধিক টকাৰে এই ফোৱাৰাটো নিৰ্মাণ কৰা হৈছিল । ফোৱাৰাৰ সৌন্দর্যই ৰাইজক দিছিল আনন্দ । বৃদ্ধি হৈছিল নগৰখনৰ সৌন্দর্য । পিছে সেয়া মাত্ৰ খন্তেকীয়াহে আছিল ।

Beauty Enhancement Scheme
সৌন্দর্য বৰ্ধন আঁচনিয়ে সৌন্দর্য বৰ্ধন কৰে

ফোৱাৰাটো সচল হোৱাৰ কিছু দিনৰ পাচতে অচল হৈ পৰে । তেতিয়া বিদ্যুতৰ বিল অনাদায় হৈ ৰোৱাৰ বাবে ফোৱাৰাটোৰ বিজুলী সংযোগ বিচ্ছিন্ন কৰা বুলি চৰ্চা চলিছিল । অচল হৈ পৰা ফোৱাৰা টো সচল কৰিবলৈ লখিমপুৰ পৌৰসভাই এই পৰ্যন্ত উদ্যোগ গ্ৰহণ কৰা নাই ।

বিদ্যুৎ বিভাগক ফোৱাৰাটোৰ বিজুলী সংযোগ দিয়াৰ বাবে পৌৰসভাই ১ লাখ ৯ হাজাৰৰো অধিক টকা দিবলৈ আছে । সামান্য কাৰিকৰী বিজুটি ঘটিলেও ফোৱাৰাটো মেৰামতি কৰিবলৈ পৌৰসভাৰ ধনৰ নহয় সদিচ্ছাৰ অভাৱহে প্ৰকাশ পাইছে । বিদ্যুতৰ বিল আদায় দি ফোৱাৰাটো মেৰামতি কৰি সচল কৰাত পৌৰসভাৰ আগ্ৰহ নাই ।

সৌন্দর্য বৰ্ধন আঁচনিয়ে হানি কৰিছে লখিমপুৰৰ সৌন্দর্য

যাৰ বাবে দৃষ্টি কটু ৰূপত লখিমপুৰ নগৰৰ মাজ মজিয়াত ভেকুলীৰ বাসস্থান লৈ পৰিণত হৈ পৰি ৰৈছে তিনি লাখৰো অধিক টকাৰে নিৰ্মাণ কৰা ফোৱাৰাটো । নগৰৰ একাংশ সচেতন লোকে ফোৱাৰাটো সচল কৰিব নোৱাৰিলে নগৰখনৰ সৌন্দর্য হানি কৰাতকৈ ভাঙি পেলাবলৈহে পৌৰসভাক আহ্বান জনাইছে ।

সম্প্ৰতি লখিমপুৰৰ যুৱ বিধায়ক মানৱ ডেকাই লখিমপুৰৰ সৌন্দর্য বৰ্ধনৰ হকে বিভিন্ন পদক্ষেপ হাতত লৈছে । কিন্তু বিধায়কগৰাকীও এই দিশত কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ এই অভিযোগ স্থানীয় ৰাইজৰ । সেয়ে জিলাখনৰ স্থানীয় ৰাইজে এই ক্ষেত্ৰত বিধায়কগৰাকীৰ হস্তক্ষেপ বিচাৰিছে ৷

উল্লেখ্য যে, কেৱল এই ফোৱাৰা টোৱেই নহয় । ২০১৫/২০১৬ বৰ্ষ মানত নগৰৰ দাঁতিতে নিৰ্মাণ কৰা হৈছিল এটা তাৰকা গৃহও । তাৰকা গৃহটোৰ নিৰ্মাণ সম্পূর্ণ হ’ল । কিন্তু কেৱল মাত্ৰ যন্ত্ৰাংশ সংস্থাপন কৰি সচল কৰাহে নহ’ল ৷ সেয়ে এই ক্ষেত্ৰত আক্ষেপ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক : Policeman arrested in Sonai: 25 নং অসম বেটেলিয়ানৰ জোৱানৰ হাতত লাগিল হেণ্ডকাফ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.