লখিমপুৰ,4 জুন: নিৰ্মাণ সম্পূর্ণ হোৱাৰ চাৰি বছৰৰ পাছতো কাৰ্যক্ষম নহল লখিমপুৰ নগৰৰ দাঁতি কাষৰীয়া সনাতন গাঁৱত নিৰ্মাণ কৰা এমহলীয়া বি আৰ আম্বেদকাৰ ভৱনটো ৷ ব্যৱহাৰৰ অভাৱত বৰ্তমান হাবি জংঘলে আবৰি ধৰিছে বি আৰ আম্বেদকাৰ ভৱনটো ৷ ভৱনটোৰ এনে দুৰ্দশাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে অনুসূচীত জাতি ছাত্ৰ সন্থাই ৷ নিৰ্মাণৰ এবছৰ সম্পূর্ন হোৱাৰ পাছতো কিয় ভৱনটো হস্তান্তৰ কৰি ব্যবহাৰ উপযোগী কৰা নাই বুলি ক্ষোভ ব্যক্ত কৰি এমাহৰ ভিতৰত ভৱনটো ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ দাবী তুলিছে অনুসূচীত জাতি ছাত্ৰ সন্থাই ৷ অন্যথা ইয়াৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে সংগঠনটোৰ সদস্যই ৷
উল্লেখ্য যে,2016-17 বৰ্ষতে 96 লাখ টকা ব্যয় হিচাপে নিৰ্মাণৰ কৰা হৈছিল বি আৰ আম্বেদকাৰ ভৱনটো ৷ কিন্তু নিৰ্মাণ কাৰ্য সম্পূর্ণ হোৱাৰ এবছৰৰ পাছতো কাৰ্যক্ষম নহল ভৱনটো ৷ যাৰ বাবে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে অনুসূচীত জাতি ছাত্ৰ সন্থাই ৷
লগতে পঢ়কঃ পুনৰ বন্ধ হৈ পৰিব নেকি শৰাইঘাটৰ পুৰণি দলং ?