ETV Bharat / state

Protest against Panbari firing: বৃহস্পতিবাৰে 12 ঘন্টীয়া ধেমাজি লখিমপুৰ বন্ধৰ আহ্বান

জয়ৰামপুৰৰ গুলীচালনাৰ ঘটনাৰ প্ৰতিবাদত 12 ঘন্টীয়া বন্ধৰ আহ্বান ৷ বৃহস্পতিবাৰে 12 ঘন্টাৰ বাবে লখিমপুৰ আৰু ধেমাজি জিলা বন্ধ ঘোষণা কৰিছে অসমীয়া যুৱ মঞ্চই (Protest against Panbari firing) ৷

Protest against Panbari firing
Lakhimpur bandh on Thurseday
author img

By

Published : Jun 7, 2023, 10:00 PM IST

বৃহস্পতিবাৰে 12 ঘন্টীয়া ধেমাজি লখিমপুৰ বন্ধৰ আহ্বান

লখিমপুৰ 7 জুন : বৃহস্পতিবাৰে 12 ঘন্টীয়া লখিমপুৰ আৰু ধেমাজি জিলা বন্ধৰ আহ্বান জনাইছে অসমীয়া যুৱ মঞ্চই । যোৱা 5 জুনত ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্তৰ জয় ৰামপুৰৰ পানবাৰীত সোমবাৰে সংঘটিত হোৱা অৰুণাচলীৰ আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত অসমীয়া যুৱ মঞ্চই এই বন্ধৰ আহ্বান জনাইছে ৷ বৃহস্পতিবাৰে পুৱা পাঁচ বজাৰ পৰা বিয়লি পাঁচ বজালৈ দুয়োখন জিলা বন্ধ ঘোষণা কৰিছে সংগঠনটোৱে (AYM called for bandh)।

উল্লেখ্য যে, জয়ৰামপুৰত সংঘটিত ঘটনাৰ প্ৰতিবাদত ধেমাজি আৰু লখিমপুৰ জিলাত বিভিন্ন দল-সংগঠনে মুখ্যমন্ত্রীৰ পুত্তলিকা দাহ, পথ অৱৰোধ, মুণ্ডন আদি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা উক্ত ঘটনাৰ লগত জড়িত পাঁচজন অভিযুক্তক 24 ঘন্টাৰ ভিতৰত অসম আৰক্ষীক হস্তান্তৰ কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে (Firing in Assam Arunachal border) ৷

তাৰোপৰি উক্ত ঘটনাত নিহত আৰু আহতৰ পৰিয়ালক ক্ষতিপূৰণ দিয়া, অসম-অৰুণাচলৰ সীমা সমস্যা সমাধান কৰা আদিৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, অসমীয়া যুৱ মঞ্চকে ধৰি ভালেকেইটা সংগঠনে নিৰন্তৰ দাবী উত্থাপন কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে (Assam people killed by Arunachali)।

লগতে পঢ়ক: AJYCP protest: জয়ৰামপুৰৰ হিংসাত্মক ঘটনাৰ বিৰুদ্ধে AJYCP ৰ প্ৰতিবাদ

বুধবাৰে অসমীয়া যুৱ মঞ্চই পানবাৰীৰ ঘটনাৰ প্ৰতিবাদত ধেমাজি আৰু লখিমপুৰ জিলা বন্ধ ঘোষণা কৰি ৰাইজক শান্তিপূৰ্ণভাৱে সহযোগ কৰি এই বন্ধ সফল কৰিবলৈ আহ্বান জনাইছে (Jairampur firing incident)।

উল্লেখ্য যে, যোৱা 5 জুনত পৰিবেশ দিৱস উপলক্ষে পানবাৰীত গছপুলি ৰোপন কৰিবলৈ গৈ অৰুণাচলীৰ গুলীত প্ৰাণ হেৰুৱাইছিল বগা চেতিয়া আৰু মন্টু গগৈ নামৰ দুজন লোকে ৷ তাৰোপৰি আহত হৈছিল আন চাৰিগৰাকী লোক ৷ গছপুলি ৰুই থকা অৱস্থাতে অসমৰ লোক কেইজনক বাধা প্ৰদান কৰে অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত এদল অৰুণাচলী লোকে ৷ প্ৰথমে বাক-বিতণ্ডা আৰু তাৰ পাচত সংঘাত ৷

অসমৰ লোক কেইজনক উদ্দেশ্যি অৰুণাচলী দলটোৱে জধে-মধে গুলীচালনা কৰে ৷ ফলত, থিতাতে নিহত হয় বগা চেতিয়া নামৰ লোকজন ৷ ইফালে গুৰুতৰভাৱে আহত মন্টু গগৈৰ চিকিৎসালয়ত মৃত্যু হয় ৷ এই ঘটনা সন্দৰ্ভত যথোচিত তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.