ETV Bharat / state

Chadrayaan 3 Mission: বিদেশৰ লোভনীয় দৰমহাৰ চাকৰিৰ মোহ ত্যাগ কৰি দেশৰ গৌৰৱৰ হকে আত্মনিয়োগ কৰিছিল বিজ্ঞানী চয়ন দত্তই - চন্দ্ৰযান 3

বুধবাৰে সন্ধিয়া চন্দ্ৰযান-3 ৰ সফল অৱতৰণৰ লগে লগে চৰ্চালৈ আহে এই অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা লখিমপুৰৰ চয়ন দত্তৰ নাম ৷ বিদেশৰ লোভনীয় দৰমহাৰ চাকৰিৰ মোহ এৰি দেশৰ গৌৰৱৰ হকে আত্মনিয়োগ কৰিছিল বিজ্ঞানী চয়ন দত্তই ৷

Chayan Dutta to play big role in Chandrayaan 3
চৰ্চাত ইছৰোৰ বিজ্ঞানী লখিমপুৰৰ চয়ন দত্ত
author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 9:53 PM IST

লখিমপুৰ, 23 আগষ্ট : চন্দ্ৰযান-3ৰ সফল অৱতৰণেৰে ইতিহাস সৃষ্টি কৰিলে ভাৰতবৰ্ষই ৷ বুধবাৰে সন্ধিয়া চন্দ্ৰৰ বুকুত ভাৰতৰ চন্দ্ৰযান-3 য়ে সফল অৱতৰণ কৰাৰ লগে লগে সমগ্ৰ বিশ্বই অভিনন্দন জনায় ভাৰতক ৷ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশত পৰিণত হ’ল ভাৰত ৷ চন্দ্ৰযান-3ৰ অভিযানৰ সফল নেতৃত্ব দিয়া বিজ্ঞানীসকলৰ অন্যতম আছিল লখিমপুৰৰ চয়ন দত্ত ৷ চয়নে বিদেশৰ লোভনীয় দৰমহাৰ চাকৰিৰ মোহ ত্যাগ কৰি দেশৰ গৌৰৱৰ হকে আত্মনিয়োগ কৰিছিল ৷

বুধবাৰে সন্ধিয়া চন্দ্ৰযান-3 ৰ সফল অৱতৰণৰ লগে লগে চৰ্চা লৈ আহে এই অভিযানৰে জৰিত মহাকাশ বিজ্ঞানীসকলৰ নাম ৷ এই প্ৰসংগত উচ্চাৰিত হৈছে এই অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা লখিমপুৰৰ চয়ন দত্তৰ নাম ৷ বিদেশৰ লোভনীয় দৰমহাৰ চাকৰিৰ মোহ এৰি দেশৰ গৌৰৱৰ হকে আত্মনিয়োগ কৰিছিল বিজ্ঞানী চয়ন দত্তই ৷ লখিমপুৰৰ চয়ন দত্তই চুইজাৰলেণ্ড চৰকাৰে ভাৰততকৈ 30 গুণে বেছি দৰমহা দিয়াৰ প্ৰস্তাৱ দিছিল ৷ পিছে চয়নে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি দেশক গৌৰৱাম্বিত কৰাৰ হকে আত্মনিয়োগ কৰে ৷ এই কথা আজি সদৰি কৰে চয়নৰ পিতৃ ৰঞ্জিত দত্তই ৷

উল্লেখ্য লখিমপুৰ নগৰৰ 10 নং ৱাৰ্ডৰ গোপীনগৰ কলনী নিবাসী ৰঞ্জিত কুমাৰ দত্ত আৰু মাতৃ শিলাৰাণী দত্তৰ সুযোগ্য জ্যেষ্ঠ পুত্ৰ চয়ন দত্তই চন্দ্ৰযান-3 অভিযানৰ অন বৰ্ড কামান, টেলিমেট্ৰী, ডাটা হেণ্ডেলিং আৰু ষ্টৰেজ চিষ্টেমৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰিছিল ৷ চাৰি বছৰ পূৰ্বে 2019 চনত চন্দ্ৰযান-2 ৰ বিফলতাৰ বাবে চয়নে চকুলো টুকিছিল যদিও ভৱিষ্যতে সফল হোৱাৰ লক্ষ্য তেওঁ স্থিৰ কৰি লৈছিল ৷ চয়নক চুইজাৰলেণ্ড চৰকাৰে ভাৰত চৰকাৰতকৈ ত্ৰিশ গুণ বেছি দৰমহা দিয়াৰ প্ৰস্তাৱ দিছিল যদিও পিতৃ ৰঞ্জিত দত্তই বিদেশত নহয় দেশবাসীৰ সেৱাৰ বাবেহে পুত্ৰক আত্ম নিয়োগ কৰিবলৈ প্ৰেৰণা যোগাই আহিছিল ৷

লখিমপুৰৰ ছেইন্ট মেৰীজ স্কুলত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰা চয়নে পৰৱৰ্তী সময়ত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত বিজ্ঞান শাখাত (পদাৰ্থ বিজ্ঞান) সুখ্যাতিৰে উত্তীৰ্ণ হৈ গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে পৰৱৰ্তী সময়ত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা এম টেক ডিগ্ৰী গ্ৰহণ কৰে ৷

উল্লেখ্য যে চয়নৰ পিতৃ ৰঞ্জিত দত্তই উত্তৰ লখিমপুৰ নগৰৰ এন টি ৰোডত ‘দত্ত ব্ৰাদাৰ্ছ’ নামৰ এখন বাচন-বৰ্তনৰ দোকান খুলি ব্যৱসায় কৰি আছে ৷ এই দোকানখনতে আহি এসময়ত চয়নে পিতৃ-মাতৃক সহায় কৰিছিল ৷

উল্লেখ্য যে বিবাহিত চয়নে পত্নীসহ দুই পুত্ৰ-কন্যাক লৈ সম্প্ৰতি বাংগালুৰুত বাস কৰি আছে ৷ লখিমপুৰত চয়ন দত্তৰ পিতৃ-মাতৃৰ লগতে এজন ভাতৃও আছে ৷ বাচন বৰ্তনৰ দোকানৰ পৰা চন্দ্ৰযানলৈ চয়নৰ জীৱন পৰিক্ৰমাক লৈ এতিয়া সকলোৱে গৌৰৱবোধ কৰিছে ৷ অধ্যৱসায়ৰ লগতে দেশ প্ৰেমৰ নিদৰ্শন দাঙি ধৰি বিদেশৰ লোভনীয় দৰমহাৰ চাকৰিৰ মোহ ত্যাগ কৰা চয়নক লৈ সকলোৱে গৰ্ব প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : Chadrayaan 3: জোনবাইৰ দেশত ইতিহাস; গৌৰৱান্বিত অসম সন্তান চয়ন দত্তৰ পিতৃ-মাতৃ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.