ETV Bharat / state

Singer Trolukya Sonowal death: চিনাকী মাতটো আজি ৰুদ্ধ হৈ ৰ’ল; অজান দেশলৈ গ’ল গৈ ত্ৰৈলোক্য সোণোৱাল - পেৰডী গায়ক ত্ৰৈলোক্য সোণোৱালৰ দেহাৱসান

জনপ্ৰিয় পেৰডী গায়ক ত্ৰৈলোক্য সোণোৱালৰ দেহাৱসান । এক জটিল ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় পেৰডী গায়কগৰাকীৰ ৷

Singer Trolukya Sonowal death
পেৰডী গায়ক ত্ৰৈলোক্য সোণোৱালৰ দেহাৱসান
author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 12:43 PM IST

লখিমপুৰ, 24 আগষ্ট : ত্ৰৈলোক্য সোণোৱাল আৰু নাই ৷ কাহানিও উভতি নহাৰ প্ৰতিশ্ৰুতি দি গ’ল গৈ জনপ্ৰিয় পেৰডী গায়ক ত্ৰৈলোক্য সোণোৱাল ৷ উকা হৈ ৰ’ল পেৰডী গীতৰ মঞ্চখন ৷ কেইবাদশক ধৰি পেৰডী গীতেৰে জনপ্ৰিয়তাৰ শীর্ষত থকা ত্ৰৈলোক্য সোণোৱালে বৃহস্পতিবাৰে পুৱা 4.25 বজাত অসম চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে ।

জানিব পৰা মতে, বিগত কেবাদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল প্ৰয়াত সোণোৱাল ৷ লখিমপুৰ নগৰৰ পৰা কিছু নিলগত থকা ৰাজখোৱা গাঁৱৰ নিবাসী আছিল ত্ৰৈলোক্য সোণোৱাল ৷ প্ৰয়াত সোণোৱাল আছিল একেধাৰে দৰদী কণ্ঠশিল্পী তথা গীতিকাৰ । পেৰডী গীত আছিল তেওঁৰ প্ৰিয় ।

নিজে গীত ৰচনা কৰি তাত সুৰ দি তেওঁ নিজেই গীতত কণ্ঠ নিগৰাইছিল ৷ ব্যংগভাৱে গীতৰ মাজেৰে তেওঁ সমাজলৈ বহু বাৰ্তা প্ৰেৰণ কৰিছিল । পেৰডী গীতৰ বাবে সমাজত তেওঁ জনপ্ৰিয়তা লাভ কৰিছিল । প্ৰায় 25 বছৰ ধৰি পেৰডী গীত গাই ৰাইজক মন্ত্ৰমুগ্ধ কৰি আহিছিল ত্ৰৈলোক্য সোণোৱালে । পেৰডী গায়কৰ লগতে ত্ৰৈলোক্য সোণোৱাল আছিল এগৰাকী কৌতুক অভিনেতাও ৷

তেওঁৰ অ’ মোৰ লোকেল চুলাই, গৰমজান, গুণ মাষ্টৰৰ জীয়েক, স্ক্ৰু ডাইভাৰ বটালি আদি গীতসমূহে যথেষ্ট সমাদৰ লাভ কৰিছিল । প্ৰয়াত শিল্পীগৰাকীৰ অকাল মৃত্যুত লখিমপুৰত এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ ত্ৰৈলোক্য সোণোৱালৰ বিয়োগ অসমীয়া সংস্কৃতিৰ পথাৰখনৰ বাবে অক অপূৰণীয় ক্ষতি ৷

ৰাজ্যৰ সাংস্কৃতিক জগতৰ সৈতে জড়িত প্ৰতিজন লোকে ত্ৰৈলোক্য সোণোৱালক জনাইছে একাঁজলি অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি ৷

লগতে পঢ়ক : Dream Girl 2: ড্ৰিম গাৰ্ল ২ মুক্তিৰ বাবে মাজত মাত্ৰ ২ দিন বাকী; কিমান টিকট বুক হ’ল জানেনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.