নাওঁবৈচা,9 ফেব্ৰুৱাৰী: সোমবাৰে সন্ধিয়া অৰুণাচলৰ কিমিনত সংঘটিত ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে লখিমপুৰ জিলাত ৷ অৰুণাচলী দুস্কৃতিকাৰীৰ আক্ৰমণৰ বলি হোৱা লখিমপুৰৰ দুই যুৱকক লৈ মঙলবাৰে জিলাখনৰ ডিজুত উত্তপ্ত পৰিস্থিতি উদ্ভৱ হয় ৷ ডিজু আদিবাসী ছাত্র সন্থাই সোমবাৰে নিশাৰে পৰা পহুমৰা-কিমিন সংযোগী পথৰ ডিজু বজাৰৰ সমীপত পথ অৱৰোধ কৰি অৰুণাচলীৰ এই বৰ্বৰতা বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
আদিবাসী ছাত্ৰ সন্থাই মঙলবাৰে পুৱালৈ পথ অৱৰোধ কৰি ডিজু অঞ্চলত পৰিৱেশ উত্তপ্ত কৰি তোলে । পথ অৱৰোধস্থলীত লখিমপুৰ জিলা আৰক্ষী অধীক্ষক লংনিট তেৰাং উপস্থিত হৈ আক্ৰমণকাৰী অৰুণাচলী দুৰ্বৃত্তকেইটাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰা আশ্বাস দিয়াতহে আদিবাসী ছাত্র সন্থাই পথ অৱৰোধ কাৰ্যসূচী উঠাই লয় ।
উল্লেখ্য যে, সোমবাৰে সন্ধিয়া 7 বজাত ৰেষ্টুৰেণ্টত কৰ্মৰত অৱস্থাতে জয়ন্ত তাঁতী আৰু শিৱ মল্লিকক অচিনাক্ত দুৰ্বৃত্তই মুখত ক’লা মাস্ক পৰিধান কৰি দুয়োজনৰে ওপৰত দুই ৰাউণ্ড গুলী চলাই উধাও হয় । আহত যুৱক দুজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
লখিমপুৰৰ চিলনিবাৰীৰ বাসিন্দা জয়ন্ত তাঁতী নামৰ যুৱকজনে কেইবাবছৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ কিমিনত বিএম নামৰ হোটেলখন খুলি নিজেই স্বাৱলম্বী হোৱাৰ লগতে লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ অসমীয়া যুৱকক কৰ্ম সংস্থাপন বাট মুকলি কৰি দিছিল । এজন অসমীয়া যুৱক হিচাপে অৰুণাচলত হোটেল খুলি প্ৰতিষ্ঠিত হোৱাত একাংশ অৰুণাচলী লোকে জয়ন্ত তাঁতীক সহজভাৱে ল’ব পৰা নাছিল। যাৰ বাবে সোমবাৰৰ ঘটনাৰ পূৰ্বেও হোটেলখনত সন্ত্ৰাস চলাই আহিছিল স্থানীয় আৰুণাচলী লোকে ৷
ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আদিবাসী ছাত্ৰ সন্থাৰ সহযোগত জয়ন্ত তাঁতী আৰু শিৱ মল্লিকৰ পৰিয়ালবৰ্গই চিলনিবাৰী আৰক্ষী চকী আৰু কিমিন আৰক্ষী চকীত পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে ৷