বিহপুৰীয়া, 2 জুলাই : অৱশেষত দুৰ্বৃত্তৰ কবলৰ পৰা উদ্ধাৰ হ’ল মঙলবাৰৰ পৰা সন্ধানহীন হৈ থকা নাৰায়ণপুৰৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত যোৰহটীয়া গাঁৱৰ যুৱক দেৱজিৎ শেনচোৱা ৷ অন্ধপ্ৰদেশৰ বিজয়বাড়া ৰে'ল জংচনৰ পৰা অচেতন অৱস্থাত উদ্ধাৰ হয় নাৰায়ণপুৰৰ বিবাহিত যুৱক জন ৷
জানিব পৰা মতে মাৰপিট কৰি দুৰ্বৃত্তই সকলো বয়- বস্তু লুটপাত কৰি নিয়ে যুবোকজনৰ পৰা ৷ আৰক্ষী আৰু বহিঃৰাজ্যত কৰ্মৰত অসমৰ যুৱকৰ তৎপৰতাত উদ্ধাৰ হয় যুৱক জন ৷ এখন মেডিকেলৰ পিছফালে পৰি আছিল দেৱজিৎ ৷ চেতনা অহাৰ পাছত তেওঁৰ গাত কোনো কাপোৰ নাছিল বুলি জনাই যুৱকজনে ৷ কিছু সুস্থ হৈ ঘৰলৈ ফোন কৰিছিল দেৱজিতে ৷
উল্লেখ্য যে যোৱা 23 জুনত কৰ্মসংস্থাপন বিছাৰি বাংগালুৰুলৈ গৈছিল যুৱকজন ৷ একে গাঁৱৰে নবীন গগৈ নামৰ এজন যুৱকৰ লগত দিনৰ ভাগত ৰে'লযোগে গুৱাহাটীলৈ আৰু পিছদিনা পুৱাই গুৱাহাটীৰ পৰা এ এছ বি চি এক্সপ্ৰেছ নং 12510 নং ৰে’লেৰে বাংগালুৰু অভিমুখে যাত্ৰা কৰিছিল ৷ ৱেটিং টিকটত দুয়ো একেটা ডবাতে যাত্ৰা কৰে যদিও দেৱজিতৰ ভাগৰ লগাত জিৰণি ল'বলৈ ঠাইৰ অভাৱত শৌচাগাৰৰ সন্মুখতে শুই পৰে ৷ কিন্তু শৌচাগাৰৰ পৰা ওলাই অহা একাংশ যাত্ৰীয়ে দেৱজিতৰ গাত বাৰে বাৰে পানী চতিয়াই দিয়াত তৰ্কত লিপ্ত হয় আৰু দেৱজিতক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে ৷
দেৱজিতে ভয় খায় 25 জুনৰ পুৱা অন্ধপ্ৰদেশৰ নেলু নামৰ এটা ষ্টেচনত নামি দিয়ে ৷ সহযাত্ৰী নবীনে সেই কথা গম পোৱা নাছিল ৷ এই স্থানৰ পৰা বাছ যোগে দেৱজিতে তিৰুপতিলৈ যায় আৰু তিৰুপতিৰ পৰা পুনৰ ৰে'লেৰে বাংগালুৰুলৈ বুলি যাত্ৰা কৰে ৷ যাত্ৰাৰ পিছত সোমবাৰে ৰাতি 12 বজাত সমগ্ৰ বিষয় সন্দৰ্ভত ফোনযোগে পত্নীক জনায় ৷ ইয়াৰ পিছৰে পৰা চিন্তিত হৈ পৰিছিল পৰিয়ালটোৰ লগতে গাঁওবাসী ৷ একাংশ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছিল দুটি সন্তানৰ পিতৃ যুৱক জন ৷
লগতে পঢ়ক: Public protest in Lanka: লংকাত মহিলাই আৱদ্ধ কৰিলে হোজাইৰ বিধায়কক