ETV Bharat / state

Assam police BMI test: লখিমপুৰ আৰম্ভ পেটুৱা পুলিচৰ জোখ-মাপ

author img

By

Published : Aug 18, 2023, 7:00 PM IST

BMI পৰীক্ষাত বিফল হোৱা মানেই বিপদ । লখিমপুৰত আৰক্ষী নিৱেশত আৰম্ভ হৈছে বিএমআই পৰীক্ষা ।

Assam police BMI test
লখিমপুৰত আৰক্ষীৰ BMI টেষ্ট
লখিমপুৰত আৰক্ষীৰ BMI টেষ্ট

লখিমপুৰ, ১৮ আগষ্ট : অসম আৰক্ষীক স্মার্ট ৰূপে গঢ়ি তুলিবলৈ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আৰক্ষী বিভাগত চলিছে পেটুৱা পুলিচৰ জোখ-মাপ । ৰাজ্যৰ জিলাই জিলাই আৰম্ভ হৈছে এই পৰীক্ষা । ৰাজ্যৰ বিভিন্ন জিলাৰ দৰে শুকুৰবাৰে লখিমপুৰতো আৰম্ভ কৰা হয় বিএমআই পৰীক্ষা । জিলা সদৰৰ আৰক্ষী নিৱেশত আৰম্ভ হৈছে এই পৰীক্ষা ।

জিলাখনৰ প্ৰতিগৰাকী আৰক্ষী অৱতীৰ্ণ হ'ব লাগিব এই পৰীক্ষাত । যদিহে বিএমআই পৰীক্ষাত কোনো আৰক্ষী অনুত্তীৰ্ণ হয় তেনেহ'লে ল'ব লাগিব স্বেচ্ছামূলক অৱসৰ । আজিৰ পৰা আৰম্ভ হোৱা এই বিএমআই পৰীক্ষাৰ বাবে জিলাখনৰ বিভিন্ন স্থানত কৰ্মৰত আৰক্ষী উপস্থিত হৈছেহি জিলা সদৰৰ আৰক্ষী নিৱেশত ।

লগতে পঢ়ক:Lobby politics in BJP: একালত আছিল ৰাজ্যিক বিজেপিৰ মেৰুদণ্ড; আজি দলত নাই গুৰুত্ব; বিজেপি এৰিব ৰাজেন গোঁহায়ে !

উল্লেখযোগ্য কিছুদিনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক প্ৰকৃততে স্মাৰ্ট আৰক্ষী স্বৰূপে গঢ়ি তুলিবলৈ আৰক্ষী বিভাগত থকা পেটুৱা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি এক নিৰ্দেশনা জাৰি কৰিছিল । তাৰ পাছত এতিয়া ৰাজ্যত চলি আছে আৰক্ষীৰ বিএমআই টেষ্ট ।

লগতে পঢ়ক:Asomiya Yuva Mancha Protest in Lakhimpur : অনিয়মীয়া বিদ্যুৎ যোগান; অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

অহা ২২ আগষ্টলৈ আৰক্ষীৰ সকলো বিষয়াৰ BMI মূল্যায়ন কৰা হয় । BMI পৰীক্ষাত বিফল হোৱা অৰ্থাৎ মেদবহুল আৰক্ষী বিষয়া বা জোৱানসকল BMI ৩০+ শ্ৰেণীত পৰিলে তেওঁলোকক ওজন হ্ৰাস কৰিবলৈ নৱেম্বৰলৈ আকৌ তিনি মাহ সময় দিয়া হ'ব । ইয়াৰ পিচতো যিসকলে নিজৰ স্বাস্থ্য নিৰ্ধাৰিত অৱস্থালৈ ঘূৰাই আনিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকক অযোগ্য ঘোষণা কৰি বাধ্যতামূলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি আৰক্ষী সঞ্চালক প্ৰধানে সকীয়াই দিছে ।

লগতে পঢ়ক:Taliban official Against Women Freedom : ৰাজহুৱাভাৱে পুৰুষক মুখ দেখুৱালে নাৰীয়ে মূল্য হেৰুৱায়; তালিবান নেতাৰ যুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.