ETV Bharat / state

লখিমপুৰত আছু কৰ্মীৰ ওপৰত আৰক্ষীৰ শক্তি প্ৰদৰ্শনঃ লণ্ড-ভণ্ড কৰিলে আছুৰ কাৰ্যালয়

author img

By

Published : Feb 29, 2020, 3:20 PM IST

লখিমপুৰৰ লালুকত আছুৰ কাৰ্যালয় ভাঙি লণ্ড-ভণ্ড কৰে আৰক্ষীয়ে ৷ চোচৰাই বগৰাই আটক 4 আছু কৰ্মীক ৷

Assam police attact on AASU office in Laluk, Lakhimpur
লখিমপুৰত আছু কৰ্মীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাঃ ভাঙি লণ্ড-ভণ্ড কৰে কাৰ্যালয়ৰ আচবাব

লালুক,29 ফেব্ৰুৱাৰী: লখিমপুৰ জিলাৰ লালুকত অসম আৰক্ষীৰ বৰ্বৰতা ৷ "জনহিত-জনসেৱাৰ্থে" সেৱা আগবঢ়োৱা অসম আৰক্ষীৰ এইবাৰ কোপদৃষ্টি পৰিল অসমৰ প্ৰতিটো জলন্ত সমস্যাৰ বিৰুদ্ধে মাত মতা তথা ৰাইজৰ পক্ষত থিয় দিয়া ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ ওপৰত ৷ শুকুৰবাৰে জিলাখনলৈ যোৱা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক কলা পতাকা প্ৰদৰ্শন কৰা বাবেই লখিমপুৰ জিলাৰ লালুক আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সোমাই ৪ জন আছু কৰ্মীক দাগী অপৰাধীৰ দৰে চোচৰাই বগৰাই আটক কৰি লৈ যায় আৰক্ষীয়ে ৷ কেৱল ইমানতেই ক্ষান্ত নাথাকি গণতান্ত্ৰিক ভাৱে প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ সংগঠনটোৰ কাৰ্যালয়ৰ ভিতৰৰ বহু সামগ্ৰী ভাঙি লণ্ড-ভণ্ড কৰে আৰক্ষীয়ে ৷

এই ঘটনাৰ পাছতেই আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে লখিমপুৰ জিলা ছাত্ৰ সন্থাই ৷ লগতে আটকাধীন আটাইকেইজন আছু কৰ্মীকে অতি শীঘ্ৰে মোকলাই দিয়াৰ দাবী জনাইছে সংগঠনটোৱে ৷ আটাকাধীন আছু কৰ্মী কেইজনক অচিৰেই মুক্তি নিদিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ লালুক ছাত্ৰ সন্থাৰ ৷

লগতে পঢ়ক: কৰিমগঞ্জত বিদ্যালয়ৰ ভূমি বেদখল, শিক্ষাৰ্থীক আক্ৰমণ দুষ্কৃতিকাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.