লখিমপুৰ, ২৫ জুলাইঃ লখিমপুৰ আৰু বিশ্বনাথ জিলা সীমান্তৰ চেঁচাত পুনৰ অৰুণাচলীৰ অসমৰ ভূমি বেদখল । ঐতিহাসিক ৰাজগড় আলি অতিক্ৰম কৰি অসমৰ ভূমিত অৰুণাচল চৰকাৰে স্থাপন কৰিলে উপ স্বাস্থ্যকেন্দ্ৰ ।
অসম আৰু অৰুণাচল সীমান্তত অৱস্থিত ঐতিহাসিক ৰাজগড় আলি অতিক্ৰম কৰি চেঁচাৰ পূব ৰতনপুৰত অৰুণাচল প্ৰশাসনে নিৰ্মাণ কৰিছে উপ স্বাস্থ্যকেন্দ্ৰ । ইতিমধ্যে উপ স্বাস্থ্যকেন্দ্ৰটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত শেহতীয়াকৈ কেন্দ্ৰটোলৈ বিদ্যুৎ যোগানৰ ব্যৱস্থাও কৰিছে অৰুণাচল প্ৰশাসনে । এতিয়া কেৱল আনুষ্ঠানিকতাৰে চিকিৎসা কেন্দ্ৰটো উদ্বোধন কৰিবলৈহে বাকী । তৎস্বত্বেও কোনো গুৰুত্ব প্ৰদান কৰা নাই লখিমপুৰ আৰু বিশ্বনাথ জিলা প্ৰশাসনে । স্থানীয় ৰাইজৰ দাবী অৰুণাচল প্ৰশাসনে শীঘ্ৰে চিকিৎসা কেন্দ্ৰটো উঠাই নিয়ক অন্যথা অসম চৰকাৰে উচ্ছেদৰ ব্যৱস্থা কৰক । লখিমপুৰ জিলাৰ বিভিন্ন সীমামুৰিয়া অঞ্চলত বছৰ-বছৰ ধৰি অৰুণাচলীৰ আগ্ৰাসন অব্যাহত আছে । প্ৰায়েই সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে সীমান্তৱৰ্তী অঞ্চল সমূহত । অতি শীঘ্ৰে স্থানীয় ৰাইজে সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজৰ নিৰাপত্তাৰ লগতে অৰুণাচল চৰকাৰে স্থাপন কৰা উপ স্বাস্থ্যকেন্দ্ৰটো উচ্ছেদ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে ।