ETV Bharat / state

প্ৰাক প্ৰাথমিকৰ পৰা প্ৰাথমিক পৰ্যায়লৈ শিক্ষাৰ্থীক জনগোষ্ঠীয় ভাষাত শিক্ষাদানৰ ব্যৱস্থা

author img

By

Published : Aug 23, 2022, 5:44 PM IST

এবিভিপিকে ধৰি বিভিন্ন ছাত্ৰ সংগঠনৰ উপৰিও দল-সংগঠন ব্যক্তি বিশেষে বিৰোধিতা কৰিলেও গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠদান ইংৰাজীতে হ’ব (Science and math in English in govt schools)৷ কেৱল ইমানেই নহয়, শিক্ষাৰ আন এক নতুনত্ব আনি জনগোষ্ঠীয় ভাষাত শিক্ষাদানৰ ব্যৱস্থাও কৰিব অসম চৰকাৰে ৷ লখিমপুৰত ঘোষণা শিক্ষামন্ত্ৰীৰ ৷

Minister Ranoj Pegu at Narayanpur
নাৰায়ণপুৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

বিহপুৰীয়া, 23 আগষ্ট: ৰাজ্যৰ ভিন্ন মহলে বিৰোধিতা কৰিলেও গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠদান ইংৰাজীতে হ’ব (Science and math in English in govt schools)৷ শেহতীয়াকৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদেও বিজেপি নেতৃত্বাধীন চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰাৰ প্ৰসংগত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (ABVP opposes Assam govt decision)৷

মঙলবাৰে নাৰায়ণপুৰত উপস্থিত হৈ শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, কোনো কোনো দল-সংগঠন, ব্যক্তিবিশেষে ইংৰাজী ভাষাত পাঠদানৰ বিৰোধিতা কৰিলেও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অভিভাৱকে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনোৱা বুলি জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ ভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকে এই সিদ্ধান্তৰ বাবে চৰকাৰক অভিনন্দন জনোৱা বুলি কয় শিক্ষামন্ত্ৰীগৰাকীয়ে ৷

নাৰায়ণপুৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

লগতে তেওঁ কয় যে, কালিৰ দিনটোত শিক্ষামন্ত্ৰীগৰাকীয়ে অসমৰ 19 টা জনগোষ্ঠীৰ সাহিত্য সভাৰ লগত বিশেষ আলোচনা কৰা হয় ৷ সাহিত্য সভাসমূহৰ লগত হোৱা আলোচনাৰ সিদ্ধান্ত অনুসৰি ইতিমধ্যে এক ৰূপৰেখা প্ৰস্তুত কৰা হৈছে ৷ যাৰ জৰিয়তে প্ৰাক প্ৰাৰ্থমিক আৰু প্ৰাথমিক পৰ্যায়ত দেউৰী, কাৰ্বি, মিছিং, ৰাভা, চাওতাল আদি জনগোষ্ঠীয় ভাষাত শিক্ষাদানৰ ব্যৱস্থাও অসম চৰকাৰে কৰিব (Education in ethnic languages)৷

আনহাতে বিদ্যাঞ্জলী আঁচনিক সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আদৰণি জনোৱাৰ প্ৰসংগত সাংবাদিকৰ এক প্ৰশ্নোত্তৰত ডাঃ পেগুৱে কয় যে, সকলো সুস্থ, বিবেকবান মানুহ যাৰ অলপ হ’লেও নিজেই পঢ়ি অহা বিদ্যালয়ৰ প্ৰতি কৃতজ্ঞতা আৰু দ্বায়িত্ববোধ আছে সেইসকল লোকে এই আঁচনিক আদৰণি জনাইছে ৷

সোমবাৰৰ দিনটোলৈকে এই আঁচনিৰ জৰিয়তে 7000 খন চিলিং ফেন লাভ কৰা বুলি জানিবলৈ দি তেওঁ কয় যে, ইয়াৰোপৰি ভিন্ন স্থানৰ পৰা ফোনযোগে সাহায্য প্ৰদানৰ বাবে বিভিন্নজনে আগ্ৰহ প্ৰকাশ কৰিছে ৷ ভাৰতৰ অন্য ৰাজ্যত বিদ্যাঞ্জলীলৈ ৰাইজে বিপুল সঁহাৰি জনোৱা বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মন্তব্য কৰে ৷

উল্লেখ্য যে, অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম নাৰায়ণপুৰ অধিৱেশনৰ (Asam Sahitya Sabha Narayanpur session) মুখ্য কাৰ্যালয়ত আদৰণী সমিতিৰে মত বিনিময় কৰাৰ লগতে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এখন বিশেষ সভাত মঙলবাৰে অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে (Minister Ranoj Pegu at Narayanpur)। নাৰায়ণপুৰ অধিৱেশনখন সম্পূৰ্ণ প্লাষ্টিকমুক্ত কৰা হ’ব বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: অমিত শ্বাহৰ জোতা মচি বিতৰ্কত বিজেপি নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.