লখিমপুৰ, 7 আগষ্টঃ লখিমপুৰৰ নাওবৈচাত সোৱণশিৰিৰ ভয়ংকৰ খহনীয়া ৷ নিশ্চিহ্ন হোৱাৰ দিশে ঐতিহাসিক পাভৈ বনাঞ্চল ৷ সমগ্ৰ ৰাজ্য খনতেই প্ৰলয়ংকাৰী বানত হাজাৰ-হাজাৰ বিঘা কৃষি ভূমি,বাসগৃহৰ লগতে পশুধনৰ বিস্তৰ ক্ষতি সাধন হয় ৰাইজৰ ৷ লখিমপুৰৰ সোৱণশিৰি নৈৰ গৰাখহনীয়াত এতিয়া হাহাকাৰ পৰিস্থিতি স্থানীয় ৰাইজৰ ৷ ইতিমধ্যে নাওবৈচাৰ পকণীয়া , পমুৱা- খাবলু , কাৱৈভুৰুকা,নামেচুক আদি গাঁৱৰ কৃষিভূমি ,ঘৰ-বাৰী নদীখনৰ বুকুত উচন হৈছে ৷ তাৰোপৰি এসময়ৰ বনৰীয়া ম'হৰ বাবে বিখ্যাত বনাঞ্চলখন অস্তিত্বৰ সংকটত পৰিছে ৷
যদিহে চৰকাৰখনে অনাগত সময়ত তাৎক্ষণিক ভাৱে খহনীয়া প্ৰতিৰোধৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহলে এসময়ৰ বনৰীয়া ম'হৰ বাবে পৃথিৱী বিখ্যাত পাভৈ বনাঞ্চলখন অসমৰ মানচিত্ৰৰ পৰাই হেৰাই যাব ৷ অতি শীঘ্ৰে নাওবৈচাৰ সোৱণশিৰি নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ লগতে পাভৈ বনাঞ্চল ৰক্ষা কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে ৷