ETV Bharat / state

লখিমপুৰত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান-মুখ্য সচিব - ৩ মে'ৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা

মঙলবাৰে লখিমপুৰত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আৰু মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ ৷ জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাগৃহত লখিমপুৰ আৰু ধেমাজি জিলাৰ চৰকাৰী বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে সভাত মিলিত হোৱাৰ পিছত শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সাংবাদিকৰ সৈতে সাক্ষাৎ গ্ৰহণ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ৷ অৰুণাচলৰ পৰা লখিমপুৰলৈ অহা অসমৰ লোকসকলক চিনাক্ত কৰি ইতিমধ্যে কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ৷ লগতে লক ডাউনৰ সময়ত ৰাইজক উচিত সেৱা আৰু কতৰ্ব্য পালন কৰিবলৈ ধেমাজিৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকলক আহ্বান জনায় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷

লখিমপুৰত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান-মুখ্য সচিব

author img

By

Published : Apr 28, 2020, 5:18 PM IST

Updated : May 1, 2020, 9:44 AM IST

লখিমপুৰ, 28 এপ্ৰিল : শেহতীয়া পৰিস্থিতিৰ বুজ ল’বলৈ মঙলবাৰে লখিমপুৰত উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আৰু মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ ৷ জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাগৃহত লখিমপুৰ আৰু ধেমাজি জিলাৰ চৰকাৰী বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন সভাত মিলিত হয় মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে ।
মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ সাংবাদিকক সাক্ষাৎ কৰি জানিবলৈ দিয়ে যে,অৰুণাচল প্ৰদেশৰ পৰা লখিমপুৰলৈ অহা অসমৰ লোকসকলক চিনাক্ত কৰি ইতিমধ্যে কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰা হৈছে । একেদৰে গ্ৰামাঞ্চলৰ ব্যবসায়িক প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত শিথিলতাৰ ব্যবস্থা কৰা হৈছে যদিও নগৰাঞ্চলৰ ব্যবসায়িক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত একেই নিষেধাজ্ঞা বাহাল ৰখা হ’ব ৷

লখিমপুৰত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান-মুখ্য সচিব
লগতে তেওঁ জানিবলৈ দিয়ে যে,আগন্তুক ৩ মে'ৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অহাৰ সম্ভাৱনা আছে ৷ লখিমপুৰ জিলাত হোৱা গাহৰিৰ ৰোগ সন্দৰ্ভতো মন্তব্য প্ৰদান কৰে মুখ্য সচিবগৰাকীয়ে ৷ ইফালে উপায়ুক্তৰ কাৰ্যালয়ৰ পিছতে লখিমপুৰ আৰক্ষী থানাত উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত। লখিমপুৰ আৰু ধেমাজি জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকলক উদ্দেশ্যি লক ডাউনৰ সময়ছোৱাত ৰাইজৰ প্ৰতি শুদ্ধ মনোভাৱেৰে সেৱা আৰু কতৰ্ব্য পালন কৰিবলৈ আহ্বান জনায় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷

লগতে পঢ়ক : আই এছ বি টিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

Last Updated : May 1, 2020, 9:44 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.