লখিমপুৰ,৬ জুন: লখিমপুৰত অৰুণাচল সংযোগী পথ অৱৰোধ । আঠটাকৈ জাতীয় সংগঠনৰ একত্র প্ৰতিবাদত কঁপি উঠিল ৰাজপথ (Arunachali killed two Assamese people) । সোমবাৰে ধেমাজি জিলাৰ জয়ৰামপুৰত অৰুণাচলীয়ে দুজনকৈ অসমীয়া লোকক গুলিয়াই হত্যা কৰা ঘটনাই সমগ্র ৰাজ্য জোকাৰি গৈছে (Assam Aruanchal border Firing issu) ।
বিভিন্ন দল সংগঠনে এই ঘটনাক তীব্র গৰিহণা দি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে । চৰকাৰীভাৱে অৰুণাচলীক কঠোৰভাৱে জবাব দিয়াৰ পোষকতা কৰে দল-সংঘঠনে । এই ঘটনাক লৈ সোমবাৰৰ পৰাই প্ৰতিবাদৰ জুই জ্বলিছে লখিমপুৰত । মুখ্যমন্ত্রীৰ পুত্তলিকা দাহ কৰাকে ধৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰে উত্তাল হৈ পৰিছে লখিমপুৰ জিলা (Firing in Assam Arunachal border) ।
মঙলবাৰে আঠটাকৈ জাতীয় সংগঠন একত্রিত হৈ পহুমৰাৰ পৰা কিমিনহৈ অৰুণাচল সংযোগী পথচোৱা অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে অসম চৰকাৰে অৰুণাচলৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা গ্রহণ নকৰাৰ বাবে বাৰে বাৰে অসমীয়াৰ তেজেৰে সীমান্ত ৰাঙলী হোৱা বুলি চৰকাৰক ককৰ্থনা কৰা পৰিলক্ষিত হয় (Clash in Assam Arunachal Border) ।
জয়ৰামপুৰৰ ঘটনাত জড়িতক ফাঁচী দিয়াৰ লগতে সীমা সমস্যাৰ স্থায়ী সমাধান কৰাৰো দাবী সাব্য়স্ত কৰে প্ৰতিবাদকাৰীসকলে । এই প্ৰতিবাদত টাইপা, অসমীয়া যুৱ মঞ্চ, বীৰ লাচিত সেনা, আটচা, চুতীয়া ছাত্র সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, অনুসূচীত জাতি ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্র সন্থা আদি সংগঠন সমুহে অংশগ্রহণ কৰে ।
তিনি ঘন্টাৰ বাবে সংগঠনসমূহে গ্রহণ কৰা পথ অৱৰোধৰ এই কাৰ্যসূচীৰ ফলত অৰুণাচলৰে যানবাহনৰ যোগাযোগ ব্যাহত হৈ পৰে । ইফালে সোমবাৰৰ গুলীচালনা কৰা ঘটনাৰ লগত জড়িত পাঁচজন অৰুণাচলী লোকক অৰুণাচল আৰক্ষীয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে ।
অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই অৰুণাচলী লোক কেইজন ক্ৰমে, বেগম টাচু, লগিপ টাচু, নিকজম টাচু, বমপাৰ টাচু আৰু য়ানগাম নাগুৱা বুলি জানিব পৰা গৈছে । পৰৱৰ্তী সময়ত তেওঁলোকক অৰুণাচল আৰক্ষীয়ে অসম আৰক্ষীক হস্তান্তৰ কৰিব বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: HS result 2023: বিজ্ঞান আৰু কলা শাখাত বিজয় ধ্বজা উৰিল নগাঁৱত