ETV Bharat / state

বিদ্যুৎ নিয়মীয়াকৰণৰ দাবীৰে নাওবৈচাত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

author img

By

Published : Aug 5, 2020, 8:56 PM IST

বিদ্যুতৰ লুকা ভাকুত অতিস্থ হৈ ৰাজপথলৈ ওলাই আহিল অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ সদস্য সকল । নাওবৈচাত শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদত নমা অসমীয়া যুৱ মঞ্চৰ সদস্য সকলে শীঘ্ৰে বিদ্যুতৰ যোগান নিয়মীয়া কৰিবলৈ দাবী উত্থাপন কৰিলে । অন্যথা বিদ্যুতৰ বিল বৰ্জনৰ লগতে বিভাগটোৰ বিৰুদ্ধে আন্দোলন অধিক শক্তিশালী কৰাৰ হুংকাৰ দিলে সংগঠনটোৰ প্ৰতিবাদী সদস্য সকলে ।

asomiya yuva mancha protest against electricity boad of naoboisa
বিদ্যুতৰ নিয়মীয়াকৰণৰ দাবীৰে নাওবৈচাত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

নাওবৈচা, ৫ আগষ্ট: লখিমপুৰ জিলাৰ নাওবৈচাৰ বিদ্যুৎ উপ-সংমণ্ডৰ কাৰ্যালয়ৰ সন্মুখত বিভাগটোৰ বিৰুদ্ধে বুধবাৰে অসমীয়া যুৱ মঞ্চৰ দলহাট-ফুলবাৰী আঞ্চলিক সমিতিৰ সহযোগত স্থানীয় ৰাইজে কৰিলে প্ৰতিবাদ ৷ বিদ্যুৎ নিয়মীয়াকৰণৰ দাবীৰে হাতে-হাতে প্লে'কাৰ্ড লৈ শক্তি বিভাগৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

প্ৰতিবাদকাৰী সকলে শক্তি বিভাগ গ' বেক, বিদ্যুৎ যোগান নিয়মীয়া কৰক, যোগান নিয়মীয়া নহ'লে বিল দিয়া নহ'ব, দলহাট-ফুলবাৰীত অতিৰিক্ত চাব-ষ্টেচন স্থাপনৰ ব্যৱস্থা কৰক, বিভাগৰ কৰ্মচাৰীৰ ভুৱা আশ্বাস বন্ধ কৰক আদি ধ্বনিৰে উত্তাল কৰি তোলে নাওবৈচাৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয় চৌহদৰ লগতে চৌদিশৰ পৰিৱেশ ।

সামান্য এজাক বতাহ বৰষুণতেই বিজুলী কৰ্তন কৰা, দিনটোৰ ২৪ ঘণ্টাৰ ভিতৰত মাত্ৰ ৪ ঘণ্টাৰ বিদ্যুৎ যোগান ধৰা, বিভাগটোৰ নিয়ন্ত্ৰণ কক্ষৰ জৰুৰী কালিন ফোন নম্বৰটো ব্যস্ত অথবা বিকল কৰি ৰখা আদি অভিযোগেৰে বিভাগটোৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে প্ৰতিবাদকাৰী সকলে ।

অনিয়মী বিদ্যুৎ যোগান আঁতৰ কৰি অঞ্চলটোত শীঘ্ৰে বিদ্যুতৰ যোগান নিয়মীয়া নকৰিলে শক্তি বিভাগৰ বিৰুদ্ধে অধিক শক্তিশালী ৰূপত আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিলে অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী সদস্য সকলে । লগতে বিদ্যুতৰ বিল বৰ্জন আৰু শক্তি বিভাগৰ কৰ্মচাৰী সকলক আবদ্ধ কৰি ৰখাৰ হুংকাৰ দিলে প্ৰতিবাদকাৰী সকলে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.