ETV Bharat / state

Youth Congress Rally : পানী নোহোৱা পুখুৰীৰ মাছৰ দৰে অসমত বিজেপি নেতাই চটফটাইছে : ৰাণা গোস্বামী - প্ৰদেশ কংগ্রেছ

বৃহস্পতিবাৰে লখিমপুৰত যুৱ কংগ্রেছে এক সমদল বাহিৰ কৰে। এই সমদলত অংশগ্রহণ কৰি প্ৰদেশ কংগ্রেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে বিজেপি দল তথা চৰকাৰক কঠোৰ সমালোচনা কৰে।

APCC Working President Rana Goswami
বিজেপি দল তথা চৰকাৰক কঠোৰ সমালোচনা
author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 5:06 PM IST

লখিমপুৰত যুৱ কংগ্রেছৰ পদযাত্ৰা

লখিমপুৰ, 9 নৱেম্বৰ : "বিজেপিৰ নেতা সকল পানী নোহোৱা পুখুৰীৰ মাছ ৷ পুখুৰীত পানী শুকাই গ’লে মাছে যি দৰে ছটফটাই থাকে বিজেপি নেতাৰো এতিয়া তেনে অৱস্থা ৷ জন সমৰ্থন নোহোৱা হৈ পৰাত বিজেপি নেতাই ছটফটাব ধৰিছে ৷ কংগ্ৰেছসহ বিৰোধী শিবিৰৰ শক্তিৰ উমান পাই তেওঁলোকে ভয় খাইছে ৷ সেয়েহে চৰকাৰী বাহিনী লগাই কংগ্ৰেছৰ কাৰ্যসূচী ব্যৰ্থ কৰাৰ প্ৰয়াস কৰিছে ৷" এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ ৷

লখিমপুৰত বৃহস্পতিবাৰে যুৱ কংগ্ৰেছে আয়োজন কৰা এক পদযাত্ৰাত অংশগ্ৰহণ কৰি তেওঁ এই দৰে মন্তব্য কৰে ৷ উল্লেখ্য যে, যুৱ কংগ্ৰেছৰ এই পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা কংগ্ৰেছ কৰ্মী সকল অহা যান-বাহন সমূহ আৰক্ষী, পৰিবহন বিভাগে বাটতে ৰখাই দিয়া বুলি অভিযোগ তুলি তেওঁ কয় যে, যান-বাহনৰ তালাচী চলোৱাত আপত্তি নাই ৷ কিন্তু আজিৰ দিনটোত তেওঁলোকৰ কাৰ্যসূচী ব্যৰ্থ কৰাৰ লক্ষ্যৰেহে চৌদিশে যান-বাহনৰ তালাচী চলাবলৈ আৰক্ষী, পৰিবহন বিভাগ জঁপিয়াই পৰে বুলি তেওঁ অভিযোগ তোলে ৷ ওপৰৰ নিৰ্দেশত জিলাখনত এনেদৰে কংগ্ৰেছৰ কাৰ্যসূচী ব্যৰ্থ কৰাৰ পাং পতা বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে ৷

শাসকীয় দলে কৰবাত নহয় কৰবাত ভয় যে খাইছে সেইয়া ধুৰূপ বুলি উল্লেখ কৰি ৰাণা গোস্বামীয়ে কয় যে অসমত 13 টা বিৰোধী দলে মঞ্চ গঠন কৰিছে ৷ এই মঞ্চই উমৈহতীয়া এজেণ্ডাৰ জৰিয়তে ঘঁৰিয়ালৰূপী, অক্টোপাছৰূপী বিজেপিক পৰাস্ত কৰাত একেলগে কাম কৰিব ৷ বিজেপি দল তথা চৰকাৰক সমালোচনা কৰি তেওঁ কয় সম্প্ৰতি যুৱ সমাজ হতাশ হৈছে ৷ চৰকাৰে তেওঁলোকক বঞ্চনা কৰিছে ৷ যাৰ বাবে শেহতীয়াকৈ বিভিন্ন মহাবিদ্যালয়ৰ নিৰ্বাচন সমূহত কংগ্ৰেছৰ ভাতৃ সংগঠন এনএছইউআইৰ বিজয় হৈছে ৷ প্ৰতিশ্ৰুতি ভংগৰ বাবে শাসকীয় দলৰ প্ৰতি যুৱচামৰ অন্তৰত ক্ষোভৰ সৃষ্টি হৈছে ৷ নিয়োগৰ নামত তেওঁলোকক বঞ্চনা কৰা হৈছে বুলি কয় জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ৷

লগতে তেওঁ কয় যে, লাখ লাখ চাকৰি দিম বুলি কোৱা চৰকাৰখনে এক লাখ চাকৰি দিবলৈও সক্ষম হোৱা নাই ৷ এতিয়ালৈকে যিখিনি নিযুক্তি দিলে সেইখিনি কৰ্মচাৰীৰ অৱসৰ অথবা মৃত্যু হোৱাৰ বাবে খালি হোৱা পদতহে নিযুক্তি দিছে ৷ নতুনকৈ এটা পদো সৃষ্টি কৰিব পৰা নাই চৰকাৰখনে ৷ নতুন পদ সৃষ্টি কৰি চৰকাৰখনে ঢাক-ঢোল বজালে ভাল আছিল বুলি তেওঁ চৰকাৰখনক কটাক্ষ কৰে ৷

উল্লেখ্য যে, লখিমপুৰ নগৰৰ খেলমাটিৰ শিৱমন্দিৰৰ সমীপত সমবেত হৈ কংগ্ৰেছ কৰ্মী সকলে নগৰৰ মাজেৰে পদযাত্ৰা কৰি জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অন্ত পেলায় ৷ কাৰ্যসূচীত ৰাণা গোস্বামীৰ লগতে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম মজুমদাৰ, উপ-সভাপতি ডেভিড ফুকন, সম্পাদক সাগৰিকা বৰা, প্ৰত্যুষ দত্ত, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ বৰ্ণালী ফুকন, সম্পাদক জিন্তু হাজৰিকা, জিলা কংগ্ৰেছৰ সভাপতি গগন বৰা, জিলা যুৱ কংগ্ৰেছৰ সভাপতি মৌচম লাহন,উপ-সভাপতি মৃদুল পেগু,সমষ্টি সমিতিৰ সভাপতি অনুপম শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : Demands for tribalisation: নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে BJP নিষিদ্ধ কৰিব TAYPA ই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.