ETV Bharat / state

Angkita Dutta Row: অংকিতাৰ বিষয়ক লৈ হিমন্ত বিশ্ব শৰ্মাৰ গাতহে দোষ বিচাৰি পালে ভূপেন বৰাই - Angkita Dutta expelled from Party

অংকিতা দত্তক বহিষ্কাৰৰ পিচতেই লখিমপুৰৰ বিহপুৰীয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC President Bhupen Bora reaction) ৷ "এটা কেচত মুখ্যমন্ত্ৰীয়ে দুয়োফালেই উকীল হ’ব বিচাৰিছে ৷ ইয়াৰ পৰিণতি কি হ’ব আপোনালোকেও জানে ৷ আমি দলৰ ভিতৰতে কেচটো সমাধা কৰিম বুলি ভাবিছিলো ৷" এইদৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাক সাঙুৰিলে ভূপেন বৰাই ৷

APCC President Bhupen Bora reaction on Angkita Dutta Row
হিমন্ত বিশ্ব শৰ্মাৰ গাত দোষ বিচাৰি পালে ভূপেন বৰাই
author img

By

Published : Apr 22, 2023, 4:05 PM IST

হিমন্ত বিশ্ব শৰ্মাৰ গাত দোষ বিচাৰি পালে ভূপেন বৰাই

বিহপুৰীয়া, 22 এপ্ৰিল : "ভাৰতীয় কংগ্ৰেছ কমিটীৰ হৈ তাৰিক অনোৱাৰে অংকিতা দত্তক ছয়বছৰৰ কাৰণে দলৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰিছে । অংকিতাক মই মোৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন আগবঢ়াম বুলি কোৱাৰ পিচতো তাই আইনৰ কাষ চাপিলে (Angkita Dutta Row update)। তেওঁ এতিয়া দলত নাই আৰু তাই আইনৰ কাষ চাপিল গতিকে এতিয়া আইনে বিচাৰ কৰিব ।’’ অংকিতা দত্তক বহিস্কাৰৰ পাচতে এই মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Angkita Dutta expelled from Party) ৷

তেওঁ লগতে কয়, ‘‘অংকিতাই মোৰ কথা নুশুনিলে, মুখ্যমন্ত্ৰীৰ কথা হে শুনিলে আৰু আইনৰ কাষ চাপিল । যি গৰাকী ছোৱালীয়ে নিশা মোক লগ কৰি মোক তেখেতৰ মেন্টৰ বুলি ক’লে আৰু ৰাতিপুৱালৈ মুখ্যমন্ত্ৰীৰ মতে কাম কৰিলে ।" যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে অংকিতা দত্তই গোচৰ দাখিল কৰা সন্দৰ্ভত এইদৰে খেদ প্ৰকাশ কৰে ভূপেন বৰাই (APCC President Bhupen Bora reaction) ৷

সভাপতিগৰাকীয়ে আৰু কয়, "তেওঁ যি ছমাহ ধৰি নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে, যদিহে কথাবোৰ তেওঁ কোৱাৰ দৰেই হয়, তেনেহ’লে যোৱা ২৫ আৰু ২৭ ফেব্ৰুৱাৰীত মোক লগ পাওঁতে এই সন্দৰ্ভত কিয় একো নক’লে ? আমি সুবিচাৰ দিম বুলি কৈছিলো, নিশাটোৰ ভিতৰতে সলনি হ’ল অংকিতা । আমি অংকিতাক সমৰ্থন কৰিছিলো, তেওঁ আইনৰ ওচৰলৈ গ’ল । এতিয়া সমগ্ৰ বিষয়টো আইনৰ মতে হ’ব ৷’’

ইফালে এই ঘটনাৰ পিচত অংকিতাক সমৰ্থন কৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালচোনা কৰি ভূপেন বৰাই পুনৰ কয়, ‘‘এটা কেচত মুখ্যমন্ত্ৰীয়ে দুয়োফালেই উকীল হ’ব বিচাৰিছে ৷ ইয়াৰ পৰিণতি কি হ’ব আপোনালোকেও জানে ৷ আমি দলৰ ভিতৰতে কেচটো সমাধা কৰিম বুলি ভাবিছিলো ৷" লগতে সভাপতিগৰাকীয়ে অংকিতা দত্ত সন্দৰ্ভত আৰু প্ৰশ্ন নুসুধিবলৈ সংবাদ মাধ্যমক অনুৰোধ জনাই (Bhupen Bora slams Assam CM)।

উল্লেখ্য যে, অংকিতা দত্তৰ ঘটনাই সম্প্ৰতি ৰাজ্যজুৰি তোলপাৰ লগাই আছে (Angkita Dutta expelled) ৷ বহু বিতৰ্কৰ মূৰত শনিবাৰে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা ছয় বছৰৰ বাবে বহিষ্কাৰ কৰা হ'ল প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্তক (Angkita Dutta controversy)।

উল্লেখ্য যে, প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্রী অংকিতা দত্তই সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰি টুইট কৰিছিল কৰিছিল । তাৰ পিচতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নিজ বাসগৃহলৈ মাতি অংকিতা দত্তৰ সৈতে আলোচনা কৰি দিল্লীৰ এই বিষয়ত অৱগত কৰোৱাৰ লগতে এখন বৈঠক অনুষ্ঠিত কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছিল (Angkita Dutta accuses IYC President)।

লগতে পঢ়ক: Angkita Dutta controversy : 6 বছৰৰ বাবে প্ৰদেশ কংগ্ৰেছৰ পৰা বহিস্কৃত হ’ল অংকিতা দত্ত

তাৰ পিচতে অংকিতা দত্তই দিছপুৰ থানাত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । ইয়াৰ পিচতে কংগ্ৰেছৰ লগতে ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.