ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আমছুৰ গৰ্জন - মূল্যবৃদ্ধি বিৰোধিতাৰে আমছুৰ প্ৰতিবাদ

ৰাজ্যজুৰি সদৌ অসম সংখ্যা লঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ প্ৰতিবাদ (AMSSU protest across the state against price hike) ৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে পেট্ৰ’লজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি বিৰোধিতাৰে আমছুৰ প্ৰতিবাদত উত্তাল হ’ল ৰাজ্য ৷

AMSSU protest across the state against price hike
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আমছুৰ গৰ্জন
author img

By

Published : May 13, 2022, 10:59 AM IST

Updated : May 13, 2022, 1:44 PM IST

নিউজ ডেস্ক, 13 মে’ : বৃহস্পতিবাৰে প্ৰতিবাদত উত্তাল হ’ল ৰাজ্য ৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে পেট্ৰ’লজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক ৷ যাৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদত বহিল সদৌ অসম সংখ্যা লঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে (AMSSU protest against price hike) ৷

AMSSU protest across the state against price hike
আমছুৰ প্ৰতিবাদ

মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে আমছুৰ লখিমপুৰ জিলা সমিতিয়ে (AMSSU protest in Lakhimpur) । এই প্ৰতিবাদস্থলীৰ পৰাই মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা যোগান মন্ত্ৰীৰ পদত্যাগ দাবী কৰে প্ৰতিবাদকাৰীসকলে । যদিহে ৰাজ্য চৰকাৰে অচিৰেই মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে তেন্তে জংগী আন্দোলনৰো হুংকাৰ প্ৰদান কৰে লখিমপুন আমছুৱে ।

ইয়াৰ লগতে প্ৰতিবাদকাৰীসকলে উপায়ুক্তৰ জৰিয়তে সাতদফীয়া দাব সম্বলীত এখনি স্মাৰক পত্ৰও মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আমছুৰ গৰ্জন

লগতে পঢ়ক : মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ৰাইজৰ দলৰ গণ স্বাক্ষৰ অভিযান

কেৱল লখিমপুৰতেই নহয়, মূল্যবৃদ্ধিৰ বিৰুদ্ধে দলগাঁৱতো আমছুৱে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (AMSSU protest at Dalgaon) ৷ দলগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত আমছুৱে ৰূপায়ন কৰে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী । আনকি বিজেপি চৰকাৰ হাই হাই, মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ গ'বেক আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী‌ ।

ইফালে বঙাইগাঁও, ধুবুৰী, ডিব্ৰুগড়তো অনুৰোপ ধৰণে আমছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । এই কাৰ্যসূচীৰ জৰিয়তে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰা, ঘৰুৱা আৰু বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা, জীৱন দায়িনী ঔষধৰ লগতে গৃহ নিৰ্মাণৰ সামগ্ৰী মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰক দাবী জনাই প্ৰতিবাদকাৰীসকলে ৷

যদিহে চৰকাৰে এই সন্দৰ্ভত শীঘ্ৰে কোনো ব্যৱস্থা নলয় তেন্তে আনাগত সময়ত জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : বিজেপিয়ে দেখুওৱা পথেৰেই পিয়াজৰ মালা পিন্ধিলে এ আই ইউ ডি এফে

Last Updated : May 13, 2022, 1:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.