লখিমপুৰ/ বিহপুৰীয়া, ২৫ এপ্ৰিল: এইবাৰ আৰক্ষীৰ বিৰুদ্ধেই আৰক্ষীক প্ৰাণে মৰাৰ চেষ্টা চলোৱাৰ অভিযোগ । সাধাৰণতে আৰক্ষীৰ বিৰুদ্ধে কেতিয়াবা নিৰীহ লোকক মাৰপিট কৰাৰ অভিযোগ উঠে । কিন্তু এইবাৰ সাধাৰণ লোক নহয়, খোদ আৰক্ষীয়েই মাৰপিটৰ অভিযোগ তোলে আৰক্ষী বিষয়াৰ বিৰুদ্ধে (Allegation against Bihpuria OC)। ঘটনাটো সংঘটিত হৈছে লখিমপুৰৰ বিহপুৰীয়াত ৷
বিহপুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ উত্থাপন কৰিছে এজন কনিষ্টবলে । আৰক্ষী বিষয়া উৎপল বৰা আৰু তেওঁৰ গাড়ী চালক সীমান্ত বৰাৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ তুলিছে থানাখনত নিয়োজিত কনিষ্টবল প্ৰেমধৰ নৰহে । লখিমপুৰ প্ৰেছ ক্লাৱত সোমবাৰে এক সংবাদমেল সম্বোধন কৰি কনিষ্টবল প্ৰেমধৰ নৰহে অভিযোগ কৰে যে, ১৮ এপ্ৰিলত তেওঁ থানাৰ পৰা ন্যায় পালিকাত ডাক জমা দি ঘূৰি যোৱাৰ পাছত নিশা ৮ মান বজাত আৰক্ষী বিষয়া উৎপল বৰাৰ গাড়ীচালক সীমান্ত বৰাই কনিষ্টবলজনক কোঠালৈ মাতি নি উপৰ্যুপৰি প্ৰহাৰ কৰে (Bihpuria OC beats constable)।
ইয়াৰোপৰি কনিষ্টবলজনক জাতিত ধৰাৰ লগতে ব্যক্তিগত বিষয়ক আঁজুৰি গালি-গালাজ কৰাৰো অভিযোগ তোলে কনিষ্টবল প্ৰেমধৰ নৰহে । ঘটনা সম্পৰ্কত কনিষ্টবল প্ৰেমধৰ নৰহে ১৯ এপ্ৰিলত জিলাৰ আৰক্ষী অধীক্ষকক অভিযোগ দাখিল কৰে যদিও এই পৰ্যন্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলি ক্ষোভ প্ৰকাশ কৰে ৷ বিষয়টোৰ ওপৰত কনিষ্টবল প্ৰেমধৰ নৰহে মুখ্যমন্ত্ৰী আৰু আৰক্ষী বিভাগৰ শীর্ষ বিষয়াৰ হস্তক্ষেপ বিচৰাৰ লগতে ন্যায়ৰ দাবী জনাইছে ।
আনহাতে, সোমবাৰৰ সংবাদ মেলখনত অংশগ্ৰহণ কৰি মিচিং সমাজৰ সচেতন যুৱক নিৰ্মল পায়েঙেও ঘটনাটোক গৰিহণা দি মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীৰ শীর্ষ বিষয়াক ন্যায় প্ৰদান বাবে ব্যৱস্থা কৰিবলৈ দাবী জনায় । খোদ আৰক্ষী বিভাগৰ ভিতৰ চৰাতে সংঘটিত এই ঘটনা সন্দৰ্ভত বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব ।
লগতে পঢ়ক: আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ৩৬ গৰাকী চাকৰি প্ৰাৰ্থীক মুকলিৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ