ETV Bharat / state

লখিমপুৰত পুনৰ কা বিৰোধী আন্দোলন

নাওবৈচাত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পুনৰ আৰম্ভ কৰে কা বিৰোধী আন্দোলন ৷ প্ৰতিগৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই দেহত শেষ বিন্দু তেজ থকা লৈকে এই আইনৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্প লয় সংগঠনটোৱে ৷

author img

By

Published : Dec 11, 2020, 9:45 PM IST

AJYCP Protest Against CAA at nowboicha
লখিমপুৰত পুনৰ আৰম্ভ কা বিৰোধী আন্দোলন

লখিমপুৰ,১১ ডিচেম্বৰ : এটা বছৰ সম্পূৰ্ণ হ'ল কা আন্দোলনৰ ৷ অসম আৰু অসমীয়াৰ অস্তিত্ব বিলোপ কৰিব পৰা নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত লখিমপুৰত পুনৰ আন্দোলনৰ পাতনি মেলে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ শুকুৰবাৰে নাওবৈচাত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে পুনৰ আৰম্ভ কৰে কা বিৰোধী আন্দোলন ৷ কা আন্দোলনৰ প্ৰতিগৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই নিৰবিছিন্ন ভাৱে এই আন্দোলন কৰাৰ সংকল্প লয় সংগঠনটোৱে ৷

AJYCP Protest Against CAA at nowboicha
লখিমপুৰত পুনৰ আৰম্ভ কা বিৰোধী আন্দোলন

ইফালে শ্বহীদ পৰিয়ালৰ খবৰ লবলৈ মন্ত্ৰী বিধায়কৰ আহৰি নোহোৱাত ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে ৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে আৰম্ভ কৰা কা বিৰোধী আন্দোলনত দেহত শেষ বিন্দু তেজ থকা লৈকে এই আইনৰ বিৰুদ্ধে যুঁজ দিয়াৰ হুংকাৰ সংগঠনটোৰ। শ্বহীদৰ কেঁচা তেজ অথলে যাবলৈ দিয়া নহ'ব বুলিও মত প্ৰকাশ কৰে সংগঠনটোৰ নেতৃবৃন্দই ৷

লগতে পঢ়ক: বলুকা ভাস্কৰ্যৰে স্মৰণ কৰিলে পঞ্চ শ্বহীদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.