বিহপুৰীয়া, 20 জুলাই : পৰিৱৰ্তনৰ শ্ল’গানেৰে শাসনলৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ দিনত মন্ত্ৰী অতুল বৰাৰ বিয়াগোম কৃষি বিভাগত দেখা চৰম অৰাজকতা ৷ নাৰায়ণপুৰত বছৰ বছৰ ধৰি বিষয়া-কৰ্মচাৰী বিহীনভাৱে চলি আছে কাৰ্যালয় ৷ জহি খহি গৈছে কাৰ্যালয়ৰ গৃহ ৷ প্ৰয়োজনীয় সা-সুবিধাৰ পৰা বঞ্চিত হৈছে সাধাৰণ কৃষক ৷
সম্প্ৰতি বগা হাতীত পৰিণত হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত উত্তৰ লখিমপুৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়টো ৷ দুবছৰ ধৰি স্থায়ী কৃষি বিষয়া নথকা কাৰ্যালয়টোত আন আন বিষয়া-কৰ্মচাৰীৰ উপৰিও বিগত 20 বছৰ ধৰি খালি হৈ আছে 28 টাকৈ গ্ৰামসেৱকৰ পদ ৷ আনহাতে, কাৰ্যালয়টোত যি কেইগৰাকী বিষয়া-কৰ্মচাৰী আছে সেই সকলৰো উপস্থিতি নিয়মীয়া নহয় ৷
কাৰ্যালয়টোত চলি থকা এইসমূহ অৰাজকতাৰ বাবে কাৰ্যালয়টোৰ পৰা উপকৃত হ'ব পৰা নাই বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজ ৷ সামান্য কাম এটাৰ বাবে তিনি-চাৰি দিন অহা যোৱা কৰিব লাগে কাৰ্যালয়টোলৈ ৷
ইফালে বিভাগীয় কৰ্তপক্ষৰ চূড়ান্ত অৱহেলাৰ পৰিণতিত জহি খহি গৈছে কাৰ্যালয় চৌহদত থকা প্ৰতিটো গৃহ ৷ এজাক বৰষুণ দিলেই পানী পৰে কাৰ্যালয়ৰ ভিতৰত ৷ যাৰ বাবে অপচয় হৈছে লাখ লাখ টকাৰ চৰকাৰী সা-সম্পত্তি ৷ যি সময়ত বিভাগীয় মন্ত্ৰী অতুল বৰাই নিজৰ বিভাগটোৰ আমূল পৰিৱৰ্তন হোৱা বুলি কৈ আহিছে ঠিক সেই সময়তে এই কাৰ্যালয়টোৰ পুতৌ লগা অৱস্থাই উদঙাইছে বিভাগটোৰ উন্নয়নৰ প্ৰকৃত ছবিখন ৷
বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজৰ প্ৰশ্ন, বিভাগীয় কৰ্তৃপক্ষই কাৰ্যালয়টো পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত কিবা পদক্ষেপ গ্ৰহণ কৰিব নে ? নে কেৱল মন্ত্ৰী আমোলাৰ ভাষণতে ফুটুকাৰ-ফেন হৈ থাকি যাব এই সমূহ অতি প্ৰয়োজনীয় বিভাগৰ প্ৰকৃত উন্নয়ন ৷