ETV Bharat / state

Agricultural Awareness : কৃষি বাণিজ্যিকীকৰণৰ প্ৰসংগত লখিমপুৰত কৃষি বিভাগৰ গুৰুত্বপূৰ্ণ সভা

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 5:21 PM IST

কৃষি খণ্ডৰ উন্নয়নৰ আৰু কৃষকৰ সহায়ৰ বাবে লখিমপুৰ জিলাত কৃষি বিভাগৰ বিশেষ সভা । লখিমপুৰ, মাজুলী আৰু ধেমাজি জিলাৰ বিভিন্ন কৃষক উৎপাদক কোম্পানীৰ বিষয়ববীয়া, খণ্ড কাৰিকৰী প্ৰবন্ধক, সহকাৰী প্ৰযুক্তি প্ৰবন্ধক আৰু প্ৰগতিশীল কৃষকে অংশ লয় এই সভাত ।

Agricultural Awareness
কৃষি বাণিজ্যিকীকৰণৰ প্ৰসংগত লখিমপুৰত কৃষি বিভাগৰ গুৰুত্বপূৰ্ণ সভা

লখিমপুৰ,২ নৱেম্বৰ : লখিমপুৰ নগৰৰ উৎসৱ ভৱনত বৃহস্পতিবাৰে কৃষি বিভাগে ৩ খন জিলাক সামৰি 'মূল্য সংযোজন বিত্তীয় সন্মিলন' শীৰ্ষক বিশেষ সভাৰ আয়োজন কৰে । এই সভাত কৃষি বিভাগৰ জৰিয়তে কৃষকসকলক উপকৃত কৰাৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয় । মূলত কৃষি বাণিজ্যিকীকৰণৰ উদ্দেশ্যে লখিমপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত আৰু লখিমপুৰ জিলা কৃষি কাৰ্যালয়ৰ কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প (APART)ৰ উদ্যোগত সমাহাৰ প্ৰকল্পৰ অধীনত এই সন্মিলনৰ আয়োজন কৰা হয় ।

সন্মিলনত লখিমপুৰ, মাজুলী আৰু ধেমাজি জিলাৰ বিভিন্ন কৃষক উৎপাদক কোম্পানীৰ বিষয়ববীয়া, খণ্ড কাৰিকৰী প্ৰবন্ধক, সহকাৰী প্ৰযুক্তি প্ৰবন্ধক আৰু প্ৰগতিশীল কৃষকে অংশগ্ৰহণ কৰে । লখিমপুৰৰ জিলা কৃষি বিষয়া ভৱজিৎ দলেই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি তিনিওখন জিলাৰ পৰা অহা এফপিচি আৰু প্ৰগতিশীল কৃষকসকলক এই সন্মিলনখনলৈ আদৰণি জনায় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা আয়ুক্ত সুমিত সাত্তাৱান । আয়ুক্তগৰাকীয়ে কৃষি বাণিজ্যিকীকৰণৰ ওপৰত বিশদ ব্যাখ্যা আগবঢ়ায় । লগতে নতুন প্ৰজন্মক কৃষি কৰ্মৰ প্ৰতি আগবাঢ়ি আহিবলৈও আহ্বান জনায় ।

এআৰআইএএছ-এপিআৰআইএ-ৰ বিত্তীয় সেৱা বিশেষজ্ঞ নীতিন সিঙে সমাহাৰ প্ৰকল্পৰ বিষয়ে আলোকপাত কৰে । লগতে ইয়াৰ প্ৰাসংগিকতা আৰু অসমৰ এফপিঅ' আৰু কৃষকসকলৰ বাবে নিৰ্ধাৰিত ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে । সন্মিলনখনত কৃষি বাণিজ্যৰ শেহতীয়া উন্নয়নৰ ওপৰত আলোচনা কৰা হয় । লগতে কাৰ্যকৰী মূলধন, ম্যাদী ঋণ, বীমা, সামাজিক সুৰক্ষা আঁচনি আৰু ডিজিটেল বিত্তীয় সাক্ষৰতাকে ধৰি বিভিন্ন মূল্য-শৃংখলা বিত্তীয় বিকল্পৰ ওপৰত আলোকপাত কৰা হয় ।

লখিমপুৰ জিলাৰ আটমাৰ উপ-প্ৰকল্প সঞ্চালিকা ড০ ভাস্বতী ভট্টাচাৰ্যই আঁত ধৰা এই সন্মিলনখনত অতিৰিক্ত আয়ুক্ত(কৃষি) সুলক্ষণা বৰপাত্ৰগোঁহাই, কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প (APART)ৰ জিলা নডেল বিষয়া তথা মহকুমা কৃষি বিষয়া ঘনশ্যাম দত্ত, ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি বজ্ৰ কুমাৰ দলে, নাওবৈচা বিধানসভা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি বীৰেণ বৰা, এৰিয়েছ চ'ছাইটিৰ বিত্তীয় অন্তৰ্ভুক্তি বিশেষজ্ঞ মনোজ পাঠক, এৰিয়েছ চ'ছাইটিৰ বিত্তীয় সেৱা বিশেষজ্ঞ নীতিন সিং, লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী য়াটেৰ দাস, কৃষি বিজ্ঞান কেন্দ্ৰৰ জিলা প্ৰমুখ প্ৰশান্ত পাঠকৰ লগতে কেইবাগৰাকী বিষয়া কৰ্মচাৰী উপস্থিত থাকে ।

লগতে পঢ়ক :Krishak mukti sangram samiti protest: নাওবৈচা বিধানসভা সমষ্টিৰ বাটপথ উন্নয়নৰ দাবীত কৃষক মুক্তি উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.