বিহপুৰীয়া,6 মাৰ্চ: বিহপুৰীয়া সমষ্টিত মিত্ৰজোঁটৰ টিকট লাগে অগপক ৷ শুকুৰবাৰে নাৰায়ণপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা এখন সংবাদমেলত বিহপুৰীয়া সমষ্টিৰ অগপ কৰ্মীসকলে মিত্ৰজোঁটৰ ধৰ্ম পালন কৰি সমষ্টিটো অগপক এৰি দিবলৈ বিজেপিক দাবী জনায় । উল্লেখ্য যে বিগত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অগপ আৰু বিজেপিৰ মাজত হোৱা চুক্তি অনুসৰি বিহপুৰীয়া সমষ্টিটো বিজেপিক এৰি দিয়াৰ বিপৰীতে ২০২১ ৰ বিধানসভা নিৰ্বাচনত অগপক এৰি দিয়াৰ কথা আছিল ৷
কিন্তু শেহতীয়াকৈ বিজেপিয়ে অগপক সমষ্টিটো এৰি নিদিয়াৰ সিদ্ধান্ত লোৱাত ক্ষুণ্ণ হৈ পৰিছে সমষ্টিটোৰ অগপ কৰ্মীসকল ৷ তদুপৰি বিজেপি দলে মিত্ৰজোঁটৰ ধৰ্ম পালনত চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলিও দাবী কৰে অগপ কৰ্মীসকলে ৷ লক্ষণীয় কথা যে,শুকুৰবাৰে বিজেপিয়ে প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ কৰি বিহপুৰীয়া সমষ্টিত বিজেপি প্ৰাৰ্থী হিচাপে ড৹ অমিয় ভূঞাক প্ৰক্ষেপ কৰিছে ৷
লগতে পঢ়কঃ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পোৱা পাচতে কি ক'লে ৰাজ্যিক বিজেপিৰ নেতৃত্বই ...