বিহপুৰীয়া, 29 আগষ্ট : AGP মানে অসম গলা কটা পাৰ্টি । এই মন্তব্য অসম গণ পৰিষদ দলৰ একাংশ প্ৰাক্তন নেতা-কৰ্মীৰ । ইতিমধ্যে পদত্যাগ কৰা দলটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অচ্যুৎ শইকীয়াই নাৰায়ণপুৰত এখন সংবাদমেল সম্বোধন কৰি অগপৰ কেন্দ্ৰীয় নেতৃবৃন্দক তীৰ্যক সমালোচনা কৰে । অগপক কেৱল চমক সৃষ্টিকাৰী দল হিচাপে আখ্যা দি প্ৰাক্তন কেন্দ্ৰীয় নেতাগৰাকীয়ে নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলক অসম গণ পৰিষদত যোগদান নকৰিবলৈ আহ্বান জনায় ।
855জন শ্বহীদৰ নাম লৈ গঠিত অগপই আজি সেইসকল শ্বহীদক লৈ খেলা কৰা বুলিহে গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ লগতে দলটোৰ নেতৃত্বৰ সেইসকল শ্বহীদক স্মৰণ কৰাৰ অধিকাৰ নাই বুলি দাবী কৰে । শ্বহীদসকলৰ আত্মাই অগপ নেতৃত্বক ক্ষমা নকৰে বুলি উল্লেখ কৰি 21ৰ নিৰ্বাচনত অগপই এখনো আসন লাভ নকৰে বুলিও সজোৰে দাবী উত্থাপন কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে । সভাপতি অতুল বৰাই 855গৰাকীৰটো দূৰৰে কথা 10জন শ্বহীদৰ নামো স্পষ্টকৈ ক'ব নোৱাৰে বুলি দাবী কৰি প্ৰাক্তন নেতাগৰাকীয়ে শ্বহীদ পৰিয়ালসমূহক কেন্দ্ৰীয় নেতৃত্বক প্ৰশ্ন কৰিবলৈও আহ্বান জনায় ।
অগপৰ কেবাজনো প্ৰাক্তন নেতা-কৰ্মীক লগত লৈ নাৰায়ণপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা সংবাদমেলখনত প্ৰাক্তন কেন্দ্ৰীয় সম্পাদকগৰাকীয়ে 21ৰ নিৰ্বাচনত এটা নতুন আঞ্চলিকতাবাদী দলৰ পৰা অৱতীৰ্ণ হৈ নিৰ্বাচন খেলাৰ কথা উল্লেখ কৰি ইতিমধ্যে সমষ্টিটোৰ বিভিন্ন অঞ্চলত সাংগঠনিক তৎপৰতা বৃদ্ধি কৰা বুলিও দাবী কৰে ।
লগতে পঢ়ক : ক্ষুব্ধ মহন্তৰ "বিস্ফোৰণ": ইটিভি ভাৰত এক্সক্লুছিভ