ETV Bharat / state

লখিমপুৰত তামিলনাড়ুৰ মূখ্যমন্ত্রীৰ পুত্তলিকা দাহ

author img

By

Published : Feb 19, 2022, 10:26 PM IST

তামিলনাডুত এগৰাকী হিন্দু ছাত্ৰীক বলপূৰ্বক ধৰ্মান্তকৰণৰ বাবে হেঁচা দিয়াৰ বাবেই ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰাৰ অভিযোগ তুলি ইয়াৰ ন্যায় বিচাৰি শনিবাৰে এবিভিপিয়ে তামিলনাডুৰ মূখ্যমন্ত্রীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে (ABVP protest against Tamil Nadu CM) ।

abvp-protest-against-tamil-nadu-cm-for-showing-insentivity-in-lavanya-suicide-case
লখিমপুৰত তামিলনাড়ুৰ মূখ্যমন্ত্রীৰ পুত্তলিকা দাহ

লখিমপুৰ, 19 ফেব্ৰুৱাৰী : লখিমপুৰ নগৰত শনিবাৰে পুৱাৰ ভাগত এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (Akhil Bharatiya Vidyarathi Parishad) ৰ উত্তৰ লখিমপুৰ শাখাই । তামিলনাডুৰ এখন খ্ৰীষ্টান মিছনেৰী স্কুলত লাবণ্য নামৰ এগৰাকী হিন্দু ছাত্ৰীক বলপূৰ্বক ধৰ্মান্তকৰণৰ বাবে হেঁচা দিয়াৰ বাবেই ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰাৰ অভিযোগ তুলি ন্যায় বিচাৰি এবিভিপিয়ে তামিলনাডুৰ মূখ্যমন্ত্রীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে (ABVP protest against Tamil Nadu CM) ।

লগতে তামিলনাডুৰ নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধেও তীব্ৰ ক্ষোভ উজাৰে প্ৰতিবাদ কাৰী সকলে । জানিব পৰা মতে, লাৱণ্যৰ আত্মহত্যাৰ ঘটনাৰ ন্যায় বিচাৰি এ বি ভি পিৰ ৰাষ্ট্ৰীয় সম্পাদিকা নিধি ত্ৰিপাঠী সহ 33 জন কাৰ্য্যকৰ্তাই তামিলনাডু চৰকাৰক আহ্বান জনাইছিল যদিও চৰকাৰে এইপৰ্যন্ত মুঠেও গুৰুত্ব দিয়া নাই । লগতে প্ৰতিবাদকাৰীসকলে তামিলনাডুৰ মূখ্যমন্ত্রীৰ পুত্তলিকা দাহ কৰে (ABVP burnt an effigy of Tamil Nadu CM in Lakhimpur) ৷

তাৰ বিপৰীতে চৰকাৰে এ বি ভি পিৰ কাৰ্যকৰ্তাসকলক প্ৰতিবাদী পন্থা লোৱাৰ বাবে মিছা গোচৰত জেললৈহে প্ৰেৰণ কৰে বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে । লগতে প্ৰতিবাদকাৰীসকলে জেললৈ প্ৰেৰণ কৰা আটাইকেইজনকে বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবী জনায় ৷ অন্যথা অবিৰত আন্দোলন চলাই যোৱাৰ হুংকাৰ দিয়ে ৷

লগতে পঢ়ক : টিকটৰ নামত বিজেপিৰ জিলা পৰ্যায়ৰ নেতাৰ ধন সংগ্ৰহ: শিলাদিত্য দেবৰ প্ৰতিক্ৰিয়া

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.