ETV Bharat / state

লখিমপুৰত চৰকাৰৰ বিৰুদ্ধে ABVP ৰ প্ৰতিবাদ - protest against english medium in primary level

তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী ভাষাত পাঠদানৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ(ABVP protest in Lakhimpur) । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰে লোৱা অসমীয়া ভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে গণস্বাক্ষৰ অভিযান চলাই লখিমপুৰত (Mass signature of ABVP at Lakhimpur) ।

লখিমপুৰত চৰকাৰৰ বিৰুদ্ধে ABVP ৰ প্ৰতিবাদ
abvp protest against govt decision at lakhimpur
author img

By

Published : Aug 28, 2022, 2:00 PM IST

লখিমপুৰ, ২৭ আগষ্ট : প্ৰাথমিক শিক্ষাত ইংৰাজী মাধ্যম প্ৰয়োগ কৰাৰ চৰকাৰী হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন (protest against english medium in primary level) । ৰাষ্ট্ৰীয় শিক্ষা নীতি বাহাল ৰাখি তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়টো অসমীয়া মাধ্যমৰ বিপৰীতে ইংৰাজীত শিক্ষাদানৰ অসম চৰকাৰে গ্ৰহণ কৰা অবৈজ্ঞানিক সিদ্ধান্ত বাতিলৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে বিজেপি সমৰ্থিত ছাত্ৰ সংগঠন ABVP য়েও(Science and Math in English medium in Assam) ।

প্ৰাথমিক পৰ্যায়ত গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত । লখিমপুৰত দেওবাৰে এই দাবীৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ(ABVP protest in Lakhimpur) । শৈক্ষিক ক্ষেত্রত নীতি সলনিৰ বাবে দাবী অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ।

পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে চৰকাৰৰ এই সিদ্ধান্ত বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰি উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রী লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে (Mass signature of ABVP at Lakhimpur) । সংগঠনটোৰ প্ৰতিবাদকাৰী সকলে কয় যে, চৰকাৰৰ এই সিদ্ধান্ত ই অসমীয়া ভাষাক নিঃশেষ কৰিব । ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ কো উলংঘা কৰিব ।

লখিমপুৰত চৰকাৰৰ বিৰুদ্ধে ABVP ৰ প্ৰতিবাদ

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে চৰকাৰৰ এই সিদ্ধান্ত কোনো কাৰণতে মানি নলয় । চৰকাৰে পুনৰ বিবেচনা কৰি এই সিদ্ধান্ত বাতিল কৰক । নতুন শিক্ষানীতি বলবৎ কৰি এক ভাৰত কেন্দ্রিক শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈও তেওঁলোকে দাবী জনায় । এই কাৰ্যসূচীত সংগঠনটোৰ জিলা সংযোজক বিমান গগৈসহ ভালেকেইজন কৰ্মীয়ে অংশগ্রহণ কৰে ।

লগতে পঢ়ক: নিযুক্তি পৰীক্ষাৰ বাবে 25 খন জিলাত 144 ধাৰা জাৰী তথা ম’বাইল ইন্টাৰনেট সেৱা কৰ্তন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.