ETV Bharat / state

AATASU ST demand: জনজাতিকৰণৰ দাবীত লখিমপুৰত আটাছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী; মুখ্য়মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ - মিলন গগৈ

পুনৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী তীব্ৰ হৈ উঠিছে ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহে জিলাই জিলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ বিগত সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰৰ জনজাতিকৰণৰ তুলাচনীত নুঠিল অসমৰ 6 জনগোষ্ঠী ৷ যাৰ বাবে পুনৰ সৰৱ হৈছে দল-সংগঠনসমূহ ৷

AATASU ST demand
AATASU ST demand
author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 6:03 PM IST

পুনৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী তীব্ৰ হৈ উঠিছে

লখিমপুৰ, 28 ছেপ্টেম্বৰ: নিৰ্বাচন চমু চাপি অহাৰ লগে লগে প্ৰৱল হৈ উঠে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী ৷ জনজাতিকৰণৰ দাবীৰ ক্ষেত্ৰত ইমান দিনে নিশ্চুপ হৈ থকা দল-সংগঠনসমূহ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া পুনৰ জাগিছে ৷ বৃহস্পতিবাৰে জনজাতিকৰণ আৰু মূল্যবৃদ্ধি ৰোধৰ দাবীত লখিমপুৰত টাই আহোম ছাত্ৰ সন্থাই ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷

জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আটাছুৱে আজি দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে । চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে সংগঠনটোৱে ৷ ধৰ্মঘটত অংশগ্ৰহণ কৰি আটাছুৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি মিলন গগৈয়ে চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপি নেতৃত্বই ক্ষমতালৈ আহিলে ছমাহৰ ভিতৰত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল ।

সহজ সৰল ৰাইজেও তেওঁলোকৰ প্ৰতিশ্ৰুতিত ভুল গৈ দলটোক ক্ষমতালৈ আনিবলৈ উঠিপৰি লাগিছিল । কিন্তু ক্ষমতালৈ আহি বিজেপিয়ে ছয় জনগোষ্ঠীক চৰম প্ৰতাৰণা কৰিলে । আজি পৰ্যন্ত জনজাতিকৰণৰ নামত একোৱেই নকৰিলে ।

আনহাতে সকলো বয়বস্তুৰ অত্যধিক মূল্যবৃদ্ধি ঘটাই ৰাইজক চৰকাৰে জুৰুলা কৰা বুলিও তেওঁ মন্তব্য কৰে ৷ তেওঁ আৰু কয় যে চৰকাৰে জাপি দিছে কৰৰ বোজা । চৰকাৰখনৰ এনে কৰ্মকাণ্ডই সৰ্বস্তৰৰ ৰাইজক এতিয়া চৰম যাতনা ভোগাইছে ।

মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে আগন্তুক 2024ৰ লোকসভা নিৰ্বাচনৰ আগতেই ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ দাবী জনাই তেওঁ এই দাবী মানি নল’লে ৰাজ্যৰ পৰা বিজেপিক উৎখাত কৰা হ’ব বুলি হুংকাৰ দিয়ে ।

তেওঁলোকৰ দাবী মানি নল’লে আগন্তুক সময়ত নৰেন্দ্ৰ মোদী অথবা হিমন্ত বিশ্ব শৰ্মাই পৰিণাম ভুগিব লাগিব বুলিও সকীয়াই দিয়ে । ইয়াৰ বাবে প্ৰতিখন জিলাত তীব্ৰ আন্দোলনৰ কৰা হ’ব বুলি কয় আটাছুৰ সভাপতিগৰাকীয়ে ৷ ধৰ্মঘটৰ অন্তত জিলা আয়ুক্তৰ জৰিয়তে আটাছুৱে টাই আহোম সকলক জনজাতিকৰণ কৰা আৰু মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: Assam CM wife Subsidy Controversy: এটা বিষয়ত মাত মাতিব নোৱাৰিব গৌৰৱ গগৈয়ে; আদালতে দিলে নিৰ্দেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.