ETV Bharat / state

লালুকত বিভিন্ন সমস্যা সমাধানৰ দাবীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

শনিবাৰে লখিমপুৰৰ লালুকত ‘কা’ বাতিলৰ লগতে বিভিন্ন সমস্য়া সমাধানৰ দাবীৰে সদৌ অসম লালুক আঞ্চলিক ছাত্র সন্থাৰ প্ৰতিবাদ ৷ আনহাতে ‘কা’ সন্দৰ্ভত দুমুখীয়া স্থিতি লোৱা অগপ দলৰ নেতৃত্বক তীব্ৰ গৰিহণা দিয়ে প্ৰতিবাদকাৰীসকলে ৷

author img

By

Published : Nov 28, 2020, 2:02 PM IST

aasu protest in laluk
লালুকত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

নাওবৈচা,28 নৱেম্বৰ : লখিমপুৰৰ লালুক বাছ আস্থানত শনিবাৰে অসম গণ পৰিষদৰ উদ্যোগত আয়োজন কৰা জনজাগৰণ সভাৰ প্ৰাকমুহূৰ্তত তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰে সদৌ অসম লালুক আঞ্চলিক ছাত্র সন্থাই ৷

লালুকত বিভিন্ন সমস্যা সমাধানৰ দাবীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

‘কা’ বাতিলৰ লগতে মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হোৱা,বানবিধস্ত কৃষি ভূমিৰ ক্ষতিপূৰণ,জলসম্পদ বিভাগৰ ভগ্ন মথাউৰি পুনঃনিৰ্মাণ দাবীৰে অসম গণ পৰিষদ দলৰ কৃষি মন্ত্ৰী অতুল বৰা,যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰী আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ প্ৰতিমূৰ্তি দাহ কৰে প্ৰতিবাদকাৰীসকলে ৷

প্ৰতিবাদৰ জৰিয়তে লালুক আঞ্চলিক ছাত্র সন্থাৰ সভাপতি দিব্যজ্যোতি গগৈয়ে জনায় যে,লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ বানপীড়িত ৰাইজে মথাউৰিত বাস কৰি থকাৰ পাচতো খবৰ ল’বলৈ আহৰি নাই জল সম্পদ মন্ত্ৰীৰ ।

ইয়াৰ লগতে আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা যোগান মন্ত্ৰী আৰু বানত ক্ষতিগ্রস্ত হোৱা খেতি পথাৰৰ কথা শুনিবলৈ সময় নোপোৱা কৃষি মন্ত্ৰীয়ে নিৰ্বাচন আহিলেই ৰাইজৰ মাজত প্ৰতিশ্ৰুতিৰ জোৱাৰ তোলে বুলি উল্লেখ কৰে সভাপতি দিব্যজ্যোতি গগৈয়ে । আনহাতে ‘কা’ সম্পর্কত দুমুখীয়া স্থিতি লোৱাৰ বাবে অগপ দলৰ নেতৃত্বক তীব্ৰ গৰিহণা দিয়ে লালুক আছুৱে ।

লগতে পঢ়ক : য়েছে দৰজে ঠংচিলৈ 2020 বৰ্ষৰ চ্যুকাফা বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.