ETV Bharat / state

দিহিং-পাটকাই অভয়াৰণ্যত কয়লাৰ মুক্ত খননৰ বিৰোধিতাৰে আছুৰ প্ৰতিবাদ - AASU protest demanding save Dehing patkai

কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তই জৈৱ- বৈচিত্ৰই ভৰপূৰ অভয়াৰণ্যখনক মৃত্যুৰ অটল গহ্বৰলৈ লৈ যাব বুলি অভিযোগ কৰি শীঘ্ৰে এই সিদ্ধান্ত বাতিলৰ দাবী জনাই নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাই ৷

AASU protest at Nawboicha of Lakhimpur
দিহিং-পাটকাই অভয়াৰণ্যত কয়লাৰ মুক্ত খননৰ বিৰোধিতাৰে নাওবৈচাত আছুৰ প্ৰতিবাদ
author img

By

Published : May 23, 2020, 7:27 PM IST

লখিমপুৰ, 23 মে': কেন্দ্ৰীয় চৰকাৰে পূবৰ আমাজন খ্যাত দিহিং-পাটকাই অভয়াৰণ্য তথা বর্ষাৰণ্যত কয়লাৰ খননৰ বাবে অনুমতি দিয়াৰ বিৰুদ্ধে লখিমপুৰত নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তই জৈৱ-বৈচিত্ৰৰে ভৰপূৰ অভয়াৰণ্যখনক মৃত্যুৰ অটল গহ্বৰলৈ লৈ যাব বুলি অভিযোগ কৰি শীঘ্ৰে এই সিদ্ধান্ত বাতিলৰ দাবী জনাই নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাই ৷

দিহিং-পাটকাই অভয়াৰণ্যত কয়লাৰ মুক্ত খননৰ বিৰোধিতাৰে নাওবৈচাত আছুৰ প্ৰতিবাদ

নেৰানেপেৰা বৰষুণকো নেউচি শনিবাৰে নাওবৈচাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলেজ তিনিআলিত এই প্ৰতিবাদ সাব্যস্ত কৰে নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাই ৷ দিহিং-পাটকাইৰ বুকত কয়লাৰ মুক্ত খননৰ হঠকাৰী সিদ্ধান্ত বন্ধ কৰক, অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখন ধ্বংস কৰাৰ পৰা বিৰত থাকক, আমাৰ দাবী মানিবই লাগিব আদি প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৰ সদস্যসকলে ৷

লগতে পঢ়কঃ বহিঃৰাজ্যৰ মাছৰ ওপৰত নিৰ্ভৰশীল নহয় অসম

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.