ETV Bharat / state

গোগামুখত কণমানিৰ ৰহস্যজনক মৃত্যুৰ তদন্তত প্ৰতিবাদ - mysterious suicide at gogamukh

মঙলবাৰে গোগামুখৰ থেকেৰাগুৰিত সংঘটিত হোৱা ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি ‘মানৱ শৃংখল’ কাৰ্যসূচী ৰূপায়ণ গোগামুখ আছুৰ ৷ কণমানিজনীৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত বিচাৰিছে ৰাইজৰ লগতে আছুৱে ৷

gogamukh aasu protest
গোগামুখত আছুৰ প্ৰতিবাদ
author img

By

Published : May 6, 2021, 2:11 PM IST

বিহপুৰীয়া, 6 মে’: ধেমাজিৰ-লখিমপুৰ সীমামূৰীয়া অঞ্চল গোগামুখৰ থেকেৰাগুৰিত সংঘটিত হোৱা কণমানি ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক লৈ সৰৱ হৈ উঠিছে স্থানীয় ৰাইজৰ লগতে ছাত্ৰ সংগঠন আছু ৷ উল্লেখ্য যে, মঙলবাৰে আবেলি ভাগত ঘৰত কোনো নথকাৰ সুযোগ লৈ কোনো লোকে গোগামুখ শংকৰদেৱ শিশু নিকেতনৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰি ঘৰৰ ভিতৰত গামোচাৰে ওলমাই থৈ যোৱা বুলি সকলোৱে সন্দেহ প্ৰকাশ কৰিছে ৷

গোগামুখত আছুৰ প্ৰতিবাদ

এই ঘটনাৰ ধিক্কাৰ প্ৰদান কৰাৰ লগতে কণমানিজনীৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত বিচাৰিছে ৰাইজৰ লগতে আছুৱে ৷ সেয়েহে বৃহস্পতিবাৰে গোগামুখ আছুৱে কণমানিজনীৰ মৃত্যুৰ তদন্ত বিচাৰি ‘মানৱ শৃংখল’ কাৰ্যসূচী ৰূপায়ণ কৰে ।

ইতিমধ্যে সোধপোচৰ বাবে কেইবাগৰাকী লোকক চাউলধোৱা আৰক্ষীয়ে জেৰা কৰিছে যদিও সঠিকভাৱে প্ৰকৃত দোষীক উলিয়াব পৰা নাই । আনহাতে, বৰ্তমানলৈকে কণমানিজনীৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফল লাভ কৰা নাই বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : কীৰ্তনপাৰাৰ এগৰাকী মহিলাৰ জীৱন সংগ্ৰাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.