ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নাৰায়ণপুৰত বাইক ৰেলী

author img

By

Published : Mar 20, 2021, 8:02 PM IST

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নাৰায়ণপুৰ আছুৰ বাইক ৰেলী ৷ বিভিন্ন প্ৰতিবাদেৰে পৰিৱেশ উত্তাল কৰি তোলে আছুৰ সদস্যই ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নাৰায়ণপুৰ আছুৰ বাইক ৰেলী

বিহপুৰীয়া,20 মাৰ্চ: কেন্দ্ৰীয় চৰকাৰে অসমীয়াক জাপি দিয়া নাগৰিকত্ব সংশোধনী আইন 2019 ৰ বিৰুদ্ধে আজিও অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম অব্যাহত আছে ৷ অসমীয়া ভাষা, কৃষ্টি, সংস্কৃতি বিপদাপন্ন কৰিব পৰা জাতিধ্বংসী আইন বাতিল কৰাৰ প্ৰতিবাদত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে নাৰায়ণপুৰ আঞ্চলিক ছাত্ৰ সন্থাই নাৰায়ণপুৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ পৰা এক বাইক ৰেলী উলিয়ায় ৷

ৰেলীত অংশগ্ৰহণকাৰীসকলে জয় আই অসম, 'কা' আমি নামানো, বিজেপি চৰকাৰ গ' বেক, আছু জিন্দাবাদ, নৰেন্দ্ৰ মোডী হায় হায় আদি বিভিন্ন শ্ল'গানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ চৰকাৰে যি জাতিধ্বংসী আইন অসমীয়া ৰাইজৰ ওপৰত জাপি দিব ওলাইছে, ইয়াক কোনোপধ্যেই মানি লোৱা নহ'ব বুলি আছুৰ কৰ্মীসকলে হুংকাৰ দিয়াৰ লগতে চৰকাৰে 'কা' বাতিল কৰিবই লাগিব বুলি দাবী জনায় ৷

লগতে পঢ়ক : অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ ৰাষ্ট্ৰীয় কৃষক নেতা ৰমেশ শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.