নাওবৈচা, ৮মাৰ্চ: নাওবৈচা দলহাট বজাৰত আছু আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ ৷ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই ৷ অৰুণাচলীৰ আগ্ৰাসনৰ বিৰুদ্ধে বনমন্ত্ৰীয়ে কোনো পদক্ষেপ গ্ৰহন নকৰাৰ অভিযোগতে বিভিন্ন শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই ৷

উল্লেখ্য যে, লখিমপুৰ জিলাৰ নাওবৈচা সীমান্তৱৰ্তী ফুলবাৰী-ধেমাগড়ত অসমৰ ভূখণ্ড নিজৰ দখললৈ নিয়াৰ বাবে শেহতীয়াকৈ চুবুৰীয়া ৰাজ্য অৰুণাচলে অঞ্চলটোত গীৰ্জা, পথ আৰু খোৱা পানী আঁচনিৰ ৰূপায়নৰ নামত আগ্ৰাসন চলোৱাৰ অভিযোগ উত্থাপন কৰে আছু আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চই । প্ৰাথমিক অৱস্থাতে বেদখল উচ্ছেদ নকৰাৰ বাবেই শেহতীয়াকৈ ফুলবাৰী খণ্ড বন কাৰ্য্যালয়ৰ অধীনস্থ ধেমাগড়ত অৰুণাচল প্ৰদেশ চৰকাৰে পথ-গীৰ্জা নিৰ্মানেৰে অসমৰ ন-ন এলেকা অৰুণাচলৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ অভিযোগো উত্থাপন কৰে সংগঠন দুটাই ৷
আনহাতে, যদিহে অসম চৰকাৰে এসপ্তাহ ভিতৰত অৰুণাচলীয়ে লোকে দখল কৰা অসমৰ ভূমি উচ্ছেদ নকৰে তেন্তে জংগী আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ প্ৰদান কৰে সংগঠন দুটাই ।