ETV Bharat / state

লখিমপুৰত আছাই জ্বলালে কামাখ্যা প্ৰসাদ তাছাৰ পুত্তলিকা - আছাৰ কেন্দ্ৰীয় সভাপতি গডউইন হেমৰম

সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ এক মন্তব্যই ক্ষুদ্ধ কৰি তোলে আদিবাসী ছাত্র সন্থাক । আদিবাসী সকলৰ জনজাতিকৰণ প্ৰসংগত কৰা সাংসদগৰাকীৰ বক্তব্যৰ বিৰোধিতা কৰি বুধবাৰে বিয়লি লখিমপুৰত আদিবাসী ছাত্র সন্থাই তেওঁৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

portrait of Kamakhya Prasad Tasa burnt  in Lakhimpur
সদৌ অসম আদিবাসী ছাত্ৰ সন্থা
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 8:55 PM IST

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা

লখিমপুৰ, ২২ নৱেম্বৰ: লখিমপুৰৰ ৰাজপথত জ্বলিল সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ পুত্তলিকা । আদিবাসী সকলে জনজাতিৰ স্বীকৃতি নোপোৱা সন্দৰ্ভত সাংসদ কামাখ্যা প্ৰসাদ তাছাই এক মন্তব্য কৰাক লৈ বুধবাৰে লখিমপুৰৰ ৰাজপথত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ পুত্তলিকা দাহেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই । আছাৰ কেন্দ্ৰীয় সভাপতি গডউইন হেমৰমে অংশগ্রহণ কৰি লখিমপুৰৰ কদম এলেকাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সাংসদ তাছাৰ পুত্তলিকা দাহ কৰে ।

আদিবাসী ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু লখিমপুৰ জিলা আৰু কদম আঞ্চলিকৰ সহযোগত লখিমপুৰ জিলাৰ কদমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।পুত্তলিকা দাহ কৰি বিজেপি গ' বেক, উই ৱান্ট এছ টি, ন' এছ টি ন' ৰেষ্ট,কামাখ্যা প্ৰসাদ তাছা মুৰ্দাবাদ, আমাক এছ টি লাগিবই আদি শ্লোগান দিয়ে প্ৰতিবাদকাৰী সকলে । আদিবাসী সকলক জনজাতিকৰণৰ বৈশিষ্ট্য নাই বুলি সাংসদ গৰাকীয়ে মন্তব্য কৰাৰ অভিযোগ তুলি প্ৰতিবাদথলীত আছাৰ সভাপতি গডউইন হেমৰমে কয়," বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ অন্যতম কাৰক হ'ল আদিবাসীসকল । ২০১৪ চনৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ক্ষমতালৈ আহিলে ছয় জনগোষ্ঠীৰ লগতে আদিবাসী সকলক ছমাহৰ ভিতৰতে জনজাতিকৰণৰ লিখিত প্রতিশ্রুতি দিছিল । ২০১৯ ত এই সন্দৰ্ভত চৰকাৰে ৰাজ্যসভাত আন জনগোষ্ঠীৰ লগতে আদিবাসী সকলৰ ৩৬ টা জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ বাবে বিধেয়ক দাখিল কৰিছিল । কিন্তু বৰ্তমানলৈকে একোৱেই কৰা নহ'ল । এয়া আচলতে বিজেপি চৰকাৰৰ ঠগবাজী । "

আছাৰ সভাপতি গডউইন হেমৰমে কয়," আদিবাসী জনগোষ্ঠীৰ নেতৃত্বক লৈ ক্ষমতা লাভ কৰি সাংসদ কামাখ্যা প্ৰসাদ তাছাই আদিবাসী সকলৰ হকে মাত মতাৰ বিপৰীতে বৈশিষ্ট্য নাই বুলি ওলোতা খৰ মাৰিছে । এনেকুৱা জনপ্ৰতিনিধি আমাক নালাগে বুলি তেওঁ ক্ষোভ উজাৰে ।" তেওঁ পুনৰ কয় যে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি,মাটিৰ পট্টা, সা-সুবিধা আদি একোৱেই দিয়া নহ'ল শ্রমিক ৰাইজক । একেখন দেশৰে অন্যান্য ৰাজ্যত জনজাতি হোৱা আদিবাসী সকল অসমত কিয় জনজাতি নহয় বুলি প্ৰশ্ন তোলাৰ লগতে আগন্তুক সময়ত বিশেষ কৈ মূখা পিন্ধা আদিবাসী সমাজৰ পৰা মন্ত্রী-বিধায়ক সাংসদ হোৱা সকলক শিপা উভালি পেলাব বুলি হুংকাৰ দিয়ে ।

লগতে পঢ়ক:বিজেপিয়ে আৰোপ কৰা কৰৰ এটা এটা টকা ৰাইজক ওভতাই দিব কংগ্ৰেছে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.