ETV Bharat / state

AAP protests in Lakhimpur: মনীষ চিছোদিয়াৰ মুক্তিৰ দাবীত লখিমপুৰত AAP ৰ প্ৰতিবাদ

author img

By

Published : Feb 27, 2023, 4:53 PM IST

দেওবাৰে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই দিল্লী সুৰা কেলেংকাৰীৰ (Delhi liquor scam case) গোচৰত গ্ৰেপ্তাৰ বৰণ কৰে (Delhi Deputy Chief Minister Manish Sisodia ) । উপ-মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ পাচতেই দেশজুৰি বিৰোধী দলকে আদি কৰি বিভিন্নজনে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া । দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে AAP ৰ কৰ্মকৰ্তাসকলে ।

AAP protests demanding release of Manish Sisodia in Lakhimpur
মনীষ চিছোদিয়াক মুক্তিৰ দাবীত লখিমপুৰত AAP ৰ প্ৰতিবাদ
লখিমপুৰত AAP ৰ প্ৰতিবাদ

লখিমপুৰ,২৭ ফেব্ৰুৱাৰী: সুৰা কেলেংকাৰীৰে জড়িতৰ গোচৰত (Delhi liquor scam case) দিল্লীৰ উপ-মুখ্যমন্ত্রী মনীষ চিছোদিয়াক দেওবাৰে গ্ৰেপ্তাৰ কৰা হয় । মন্ত্রীগৰাকীৰ গ্ৰেপ্তাৰৰ পাচতে আম আদমি পাৰ্টিয়ে প্ৰকাশ কৰে তীব্ৰ প্ৰতিক্ৰিয়া । ষড়যন্ত্রমূলকভাৱে মনীষ চিছোদিয়াক (Delhi Deputy Chief Minister Manish Sisodia ) গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰি AAP এ বিনাচৰ্তে উপ-মুখ্যমন্ত্ৰীগৰাকীৰ মুক্তিৰ দাবী জনায় । উপ-মুখ্যমন্ত্ৰীগৰাকীৰ মুক্তিৰ দাবীত দেশৰ বিভিন্ন প্ৰান্তত AAP ৰ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে (AAP protests across India) । সমান্তৰালভাৱে অসমৰ বিভিন্ন প্ৰান্ততো AAP ৰ কৰ্মকৰ্তাসকলে মনীষ চিছোদিয়াৰ মুক্তিৰ দাবী তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (AAP protests in Lakhimpur) ।

সোমবাৰে লখিমপুৰত আপৰ লখিমপুৰ জিলা সমিতিয়ে প্ৰতিবাদী সমদল উলিয়াই, ধৰ্ণা দি বিজেপি চৰকাৰ, চিবিআইক গৰিহণা দি বিনাচৰ্তে মনীষ চিছোদিয়াক মুক্তিৰ দাবী উত্থাপন কৰে (AAP protests demanding release of Manish Sisodia in Lakhimpur) । লখিমপুৰ নগৰৰ মাজেৰে প্ৰতিবাদী সমদল বাহিৰ কৰি আহি আপৰ কৰ্মকৰ্তা সকলে উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশ পথত ধৰ্ণা দি পৰিৱেশ উত্তাল কৰি তোলে । কাৰ্যালয়টোৰ গেটত বহি পৰি আপৰ কৰ্মকৰ্তা সকলে বহু সময় ধৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে (Manish Sisodia controversy) ।

মনীষ চিছোদিয়াক বিনাচৰ্তে মুক্তি দিয়ক, চি বি আই হায় হায়, বি জে পিৰ এজেন্ট চি বি আই, মোডী আদানী ভাই ভাই, বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি শ্লোগান দি উপায়ুক্তৰ কাৰ্যালয় উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে । প্ৰতিবাদী আপৰ নেতৃত্বই কয় যে, ষড়যন্ত্রমূলকভাৱে মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ কৰা হৈছে । মোডী চৰকাৰৰ সাহস আছে যদি কোটি কোটি টকাৰ কেলেংকাৰীৰ নায়ক গৌতম আদানীক গ্ৰেপ্তাৰ কৰি দেখুৱাওক বুলি প্ৰত্যাহ্বান জনাই প্ৰতিবাদকাৰীসকলে ।

মনীষ চিছোদিয়াৰ গ্ৰেপ্তাৰে মোডী, শ্বাহৰ অপকৰিপক্কতাক উদঙাই দিলে বুলি উল্লেখ কৰি আপৰ উত্থানত বিজেপি চৰকাৰ শংকিত হৈ আপৰ নেতৃত্বক ষড়যন্ত্র কৰি গ্ৰেপ্তাৰ কৰা হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে । মনীষ চিছোদিয়াক বিনাচৰ্তে মুক্তি দিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্রহণ কৰে আপৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক মুকুট গগৈ, জিলা সমন্বয়ক স্বপ্না বৰুৱাসহ একাংশ দলীয় কৰ্মীয়ে ।

লগতে পঢ়ক: অতিশীঘ্ৰে মুকলি কৰি দিয়ক মনীষ চিছোদিয়াক: অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.