নিউজ ডেস্ক, 4 ফেব্ৰুৱাৰী : 16 বছৰীয়া কিশোৰীক বিয়া কৰাই এইবাৰ জালত পৰিল আমছু নেতা ৷ শনিবাৰে গ্ৰেপ্তাৰ কৰা হ’ল আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি আনাৰুল ইছলামক (AAMSU VP arrested)৷
কিশোৰীক বিয়া কৰোৱা আমছুৰ উপ-সভাপতি আনছাৰুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লখিমপুৰৰ পৰা ৷ লখিমপুৰৰ বঙালমৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ উপ-সভাপতি আনছাৰুল ইছলামক ৷ লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ছাত্ৰনেতা আনছাৰুল ইছলামৰ ঘৰ লখিমপুৰ জিলাৰ নাওবৈচা সোণাপুৰত ৷
উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা ৰাজ্যত অব্যাহত থকা বাল্যবিবাহবিৰোধী অভিযানত গ্ৰেপ্তাৰ হৈছে হাজাৰ-হাজাৰ স্বামী (Anti Child Marriage Drive in Assam)৷ নাবালিকাক বিয়া কৰোৱা স্বামীসকলক গ্ৰেপ্তাৰ কৰা হৈছে ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা ৷ আৰক্ষীৰ হাতত থকা তালিকা অনুসৰি শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সংখ্যালঘূ নেতা আনছাৰুল ইছলামক ৷ সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে আনছাৰুল (AAMSU VP Anarul Islam arrested)৷
মন কৰিবলগীয়া যে, বাল্যবিৱাহ কৰি গ্ৰেপ্তাৰ হোৱা স্বামীসকলক মুক্তিৰ দাবীত ৰাজ্যৰ কেউদিশে এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে ৷ গ্ৰেপ্তাৰ হোৱা স্বামীৰ পৰিয়ালৰ লোকে থানা ঘেৰাও কৰিছে ৰাজ্যৰ বিভিন্ন স্থানত ৷
লগতে পঢ়ক : Anti Child Marriage Drive: গ্ৰেপ্তাৰ কৰা স্বামীক মুকলিৰ দাবীত তামাৰহাট থানাত আৰক্ষী-মহিলাৰ খণ্ডযুদ্ধ