ETV Bharat / state

কৰ্মৰত অৱস্থাত সোৱণশিৰিত সন্ধানহীন যুৱক

author img

By

Published : Jun 24, 2021, 7:50 PM IST

বৃহস্পতিবাৰে পুৱা প্ৰায় 5 মান বজাত সংঘটিত হয় এই শিহৰণকাৰী ঘটনা ৷ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ টাৱাৰত কাম কৰি থকা অৱস্থাত হঠাতে সোৱণশিৰি নদীত পৰি যায় যুৱকজন ৷

কৰ্মৰত অৱস্থাত সোৱণশিৰিত সন্ধানহীন যুৱক
কৰ্মৰত অৱস্থাত সোৱণশিৰিত সন্ধানহীন যুৱক

লখিমপুৰ, 24 জুন : ধেমাজি জিলাৰ গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প (NHPC)ত অঘটন ৷ জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত অৱস্থাতে ভৰা সোৱণশিৰিৰ বুকুত পিছলি পৰিল এজন যুৱক ৷ কাম কৰি থকা অৱস্থাত টাৱাৰৰ পৰা সোৱণশিৰি নদীত পৰিল আনন্দ বাগানৰ যুৱকজন ৷ বৰ্তমান যুৱকজনৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

সোৱণশিৰি নদীত পৰি নিৰুদ্দেশ হোৱা যুৱকজন চাউলধোৱা আৰক্ষী চকীৰ অধীনৰ আনন্দ বাগানৰ এক নং দক্ষিণ ৰূপহীৰ আব্ৰাহাম ওৰাঙৰ 21 বছৰীয়া পুত্ৰ ছিমিয়ন ওৰাং বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ বিৱৰণী মতে, বৃহস্পতিবাৰে পুৱা প্ৰায় 5 মান বজাত সংঘটিত হয় এই শিহৰণকাৰী ঘটনা ৷ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ টাৱাৰত কাম কৰি থকা অৱস্থাত হঠাতে সোৱণশিৰি নদীত পৰি যায় যুৱকজন ৷

জানিব পৰা মতে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পেটেল কোম্পানীৰ অধীনত দীৰ্ঘদিন ধৰি কৰ্মৰত হৈ আছিল যুৱকজন ৷ নিৰুদ্দেশ হৈ থকা যুৱকজনক উদ্ধাৰ কৰা তথা সন্ধানৰ ক্ষেত্ৰত পেটেল কোম্পানীয়ে কোনো ধৰণৰ প্ৰদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে পৰিয়ালে ৷ যুৱকজনৰ সন্ধানৰ বাবে উচিত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে প্ৰশাসনক অনুৰোধ জনাইছে পৰিয়ালে ৷

উল্লেখ্য যে, বাৰিষাৰ সময়ত ফেনে-ফুটুকাৰে ওফন্দি উঠা সোৱণশিৰি নদীয়ে ধাৰণ কৰে ভয়াৱহ ৰূপ ৷ বান্ধত অত্যাধিক পানী জমা হোৱাৰ ফলত পানীৰ অত্যাধিক হেঁচাত বান্ধটোৰ কিছু কিছু ক্ষতি হোৱাৰ খবৰ প্ৰতিবছৰে সংবাদ মাধম্যত প্ৰকাশ পায় ৷ এই জমা হোৱা পানী মুকলি কৰি দিয়াৰ ফলত নামনি অঞ্চলৰ নৈপৰীয়া অঞ্চলত সৃষ্টি হয় হাহাকাৰ অৱস্থাৰ ৷ এই বছৰো সংঘটিত হৈছে অনুৰূপ ঘটনা ৷

লগতে পঢ়কঃ মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পাছতে মাডাৰ্ছ অ'ল্ড এজ হোমত মন্ত্রী অজন্তা নেওগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.