লখিমপুৰ,8 অক্টোবৰঃ দুৰ্গাপূজাৰ আনন্দ উল্লাসৰ মাজতে লখিমপুৰত সংঘটিত হয় এক হৃদয়বিদাৰক ঘটনা ৷ দীৰ্ঘদিনীয়া গৃহ কণ্ডলৰ পৰিণতিত নিজ পুত্ৰ-বোৱাৰীৰ হাতত প্ৰাণ গ'ল পিতৃৰ ৷ লখিমপুৰ বধাকৰা মাজগাঁৱৰ বৰঙাবাৰীত স্থানীয় ৰাইজে দশৰথ শইকীয়াৰ নামৰ এজন বৃদ্ধ ব্যক্তিক হাত-ভৰি বান্ধি মৃত অৱস্থাত পুখুৰীত পেলাই থোৱা অৱস্থাত উদ্ধাৰ কৰে ৷
ৰাইজে ব্যক্তিজনৰ হত্যাৰ আঁৰত পুত্ৰ দীলিপ শইকীয়া আৰু বোৱাৰী পিংকী শইকীয়াৰ হাত থকাৰ অভিযোগ উত্থাপন কৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷
আৰু পঢ়ক