ETV Bharat / state

লখিমপুৰত বিপদসংকুল নাৱেৰে যাত্ৰা প্ৰসূতিৰ - হৃদয় স্পৰ্শী দৃশ্য

লখিমপুৰত এক হৃদয়স্পৰ্শী দৃশ্য । ম’বাইল, ইণ্টাৰনেটৰ যুগত লখিমপুৰত চিকিৎসালয়লৈ ৰোগী নিয়া পৰিলক্ষিত হ’ল ঘোঁৰা গাড়ী, হাত নাৱেৰে ৷ এখন দলং বিচাৰি ঘূণাসুঁতিবাসীয়ে দীর্ঘদিন ধৰি সংগ্ৰাম কৰি আহিবলগীয়া হৈছে । ঘূণাসুঁতিৰ যাতায়াতৰ অসুবিধাৰ বাবেই বিনা চিকিৎসাত বহুলোকৰ মৃত্যু ঘটাৰ ঘটনা সুলভ হৈ পৰিছে ।

লখিমপুৰত বিপদসংকূল নাৱেৰে যাত্ৰা প্ৰসূতি মহিলাৰ
a-heart-touching-story-from-lakhimpur
author img

By

Published : Jul 22, 2021, 10:16 PM IST

Updated : Jul 23, 2021, 12:21 PM IST

লখিমপুৰ, 22 জুলাই : বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ দিশত আমাৰ সমাজখন যিমানেই আগবাঢ়ি গৈছে, সিমানেই যেন পিছপৰি ৰৈছে একেখন সমাজৰে কোনো কোনো অঞ্চল ৷ ডিজিটেল ইণ্ডিয়াৰ সপোন দেখাৰ এইখন দেশতেই এতিয়া পিছপৰি ৰৈছে বহু জিলা ৷ ম’বাইলৰ এটা বুটাম টিপাৰ লগে লগে আপোনাৰ সন্মুখত থিয় হয় ওলা’, উবেৰ জাতীয় বিভিন্ন কোম্পানীৰ বাহন ৷ বৃহস্পতিবাৰে লখিমপুৰৰ ঘূণাসুঁতিত দেখা গ’ল এক হৃদয়স্পৰ্শী দৃশ্য ।

লখিমপুৰত বিপদসংকুল নাৱেৰে যাত্ৰা প্ৰসূতিৰ

দুৰ্গম যাতায়াত ব্যৱস্থাৰ বাবে এগৰাকী প্ৰসূতিক হাত নাৱেৰে নদী পাৰ কৰাই তুলি লৈ যোৱা ঘোঁৰা গাড়ীত ৷ ঘোঁৰা গাড়ী, হাত নাৱেৰ সহায়ত যন্ত্ৰণা কাতৰ প্ৰসূতিগৰাকীক নিবলগীয়া হৈছে চিকিৎসালয়লৈ । যাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু ঘটে ৰোগীৰ । পূৰ্বতেও ঘূণাসুঁতিত এনে ঘটনা সংঘটিত হোৱাৰ নজিৰ আছে ৷

উল্লেখ্য যে, ৰোগী বা প্ৰসূতিক সোৱণশিৰি আৰু ঘাগৰ নদী পাৰ কৰি ফেৰীৰে নিবলগীয়া হয় লখিমপুৰলৈ ৷ পিছে বৃহস্পতিবাৰে এইগৰাকী প্ৰসূতি মহিলাক লৈ যোৱাৰ সময়তে মেচিন নাওখন নদীৰ মাজত বিকল হোৱাৰ ফলত বহু সময় ধৰি নদীতে আৱদ্ধ হৈ থাকিবলগীয়া হয় । উপায়ন্তৰ হৈ হাত নাৱেৰে প্ৰসূতিগৰাকীক লখিমপুৰ অসামৰিক চিকিৎসাললৈ অতি সংকটজনকভাৱে লৈ যোৱা হয় ।

এনে পৰিস্থিতিত বহুত ৰোগীয়ে কেতিয়াবা নাৱৰ মাজতে মৃত্যুক সাৱটি ল’বলগীয়া হয় । দেশে স্বাধীনতাৰ 74 টা বছৰ অতিক্ৰম কৰাৰ পিছতো লখিমপুৰ সদৰৰ পৰা মাত্ৰ 10 কিল’মিটাৰ দূৰত্বৰ ঘূণাসুঁতিৰ ৰাইজে এনেদৰেই আদিম যুগৰ লোকৰ দৰে দিন কটাবলগীয়া হৈছে বুলি অভিযোগ উত্থাপিত হৈছে ৷ লখিমপুৰৰ পৰা ঘূণাসুঁতিক সংযোগ কৰি এখন দলং নিৰ্মাণৰ বাবে ৰাইজে দীৰ্ঘদিন ধৰি জনাই অহা দাবীৰ প্ৰতিও কোনো এখন চৰকাৰে গুৰুত্ব দিয়া দেখা নগ’ল । যাৰ বাবে দুৰ্গম ঘূণাসুঁতিৰ উন্নয়নৰ কথা বাদেই বিনা চিকিৎসাত মৃত্যু ঘটাৰ দৰে ঘটনা সুলভ হ’ল ।

এখন দলং বিচাৰি ঘূণাসুঁতিবাসীয়ে দীর্ঘদিন ধৰি সংগ্ৰাম কৰি আহিবলগীয়া হৈছে । পিছে শেহতীয়া বাজেটত ঘাগৰৰ ওপৰত এখন দলং নিৰ্মাণৰ চৰকাৰী সিদ্ধান্তত কিছু আশাবাদী হৈ উঠিছে ঘূণাসুঁতিবাসী ৷ এই সিদ্ধান্ত কেৱল কাগজ পত্ৰত আৱদ্ধ নাথাকি কেতিয়া ফলপ্ৰসূ হ’ব সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: 74 বছৰৰ পাছত ঘূণাসুঁতিলৈ আহিল ভাল খবৰ

Last Updated : Jul 23, 2021, 12:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.