ETV Bharat / state

India book of records: বিহপুৰীয়াৰ এজন প্ৰধান শিক্ষকে গঢ়িলে ৰেকৰ্ড - india book of records

লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ এগৰাকী প্ৰধান শিক্ষকৰ নাম লিপিবদ্ধ হ’ল ৰেকৰ্ড বুকত (Lakhimpur teacher finds place in India book of records) ৷ ব্যস্ততাৰ মাজতে অসাধ্য সাধন কৰি এটুকুৰা ক্ষুদ্ৰ কাগজত লিখি উলিয়ালে ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় ২৫০০ টা সংখ্যা ৷

Book of Record
বিহপুৰীয়াৰ এজন প্ৰধান শিক্ষকে গঢ়িলে ৰেকৰ্ড
author img

By

Published : Dec 17, 2021, 9:35 PM IST

বিহপুৰীয়া, 17 ডিচেম্বৰ : মাত্ৰ এটুকুৰা 34 ছেন্টিমিটাৰ ‌জোখৰ বৰ্গাকৃতিৰ কাগজত ২৫০০ টাকৈ সংখ্যা লিখি ৰেকৰ্ডচ্ গঢ়িলে এগৰাকী শিক্ষকে((Lakhimpur teacher finds place in India book of records) ৷ দিনটোৰ অধিকাংশ সময় ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ লগতে বিদ্যালয়ৰ অন্যান্য কাম-কাজত ব্যস্ত থকাৰ মাজতে নিজৰ ঐকান্তিক প্ৰচেষ্টাৰ বলত গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল শিক্ষকগৰকীয়ে ৷

লখিমপুৰ জিলাৰ বিহপুৰীয়া মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক কনক দাসে চাৰি সপ্তাহযোৰা নিৰবিচিন্ন প্ৰচেষ্টাৰ অন্তত এটুকুৰা ক্ষুদ্ৰ কাগজৰ টুকুৰাত লিখি উলিয়ালে স্বাভাৱিক সংখ্যা, যুগ্ম সংখ্যা, অযুগ্ম সংখ্যা, মৌলিক সংখ্যা, উৎপাদক, গুণিতক, বৰ্গ সংখ্যা, বৰ্গমূল সন্নিৱিষ্ট ২৫০০ টা সংখ্যা ৷ যাৰ ফলত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত সগৌৰৱেৰে নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হ’ল প্ৰধান শিক্ষকগৰাকীয়ে ৷

বিহপুৰীয়াৰ এজন প্ৰধান শিক্ষকে গঢ়িলে ৰেকৰ্ড

সৰুৰে পৰাই অশেষ কষ্ট সাধন কৰিব পৰা লখিমপুৰ জিলাৰ ধলপুৰৰ নিৱাসী কনক দাস এগৰাকী কৃতি শিক্ষকৰ বঁটা প্ৰাপক হোৱাৰ লগতে ভীমৰাও আম্বেদকাৰ আদৰ্শ বঁটা(B. R. Ambedkar Award)ৰেও বিভূষিত ৷ উল্লেখযোগ্য যে, কৃতি শিক্ষক কনক দাসে বিভিন্ন ক্ষেত্ৰৰ পৰা সন্মান বুটলিবলৈ সক্ষম হোৱাৰ সমান্তৰালভাৱে বিহপুৰীয়াৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগতো ওতপ্ৰোতভাৱে জড়িত হৈ কাম কৰি আহিছে ৷ স্বাভাৱিকতে এগৰাকী বিদ্যালয় প্ৰধানে শিক্ষামন্দিৰৰ গুৰু দায়িত্ব পালন কৰিও ইটোৰ পিছত সিটোকৈ সন্মান বুটলি নিজৰ লগতে সমগ্ৰ অঞ্চললৈ কঢ়িয়াই আনিছে গৌৰৱ ৷

লগতে পঢ়ক: পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিত অসমৰ এগৰাকী কৃতি শিক্ষক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.