বিহপুৰীয়া, 4 আগষ্ট : নাৰায়ণপুৰৰ এগৰাকী বোৱাৰী । নাম ৰিজুমণি শইকীয়া ফুকন । সৰুৰে পৰাই ৰিজুমনিৰ প্ৰিয় আছিল যোগাসন । সেয়ে বিবাহৰ পিছতো অব্যাহত ৰাখিছে এই চৰ্চা ।
![a-daughter-in-law-from-narayanpur-has-been-able-to-make-her-name-at-the-national-level-with-yoga-etv-bharat-assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/achievedawardbyyogaasc10039_04082021140709_0408f_1628066229_930.jpg)
এই চৰ্চাৰ বাবেই অলপতে যোগা ফেডাৰেচন অৱ ইণ্ডিয়া (Yoga Federation of India) ৰ সহযোগত অনুষ্ঠিত হোৱা ফেডাৰেচন কাপত অসমৰ একমাত্ৰ প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰি ষষ্ঠ স্থান অধিকাৰেৰে এছিয়ান গেমছত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে মহিলা গৰাকীয়ে । ৰাজুমনিৰ সফলতাত এতিয়া উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লগতে অঞ্চলটোৰ লোকসকল ।
দুটাকৈ সন্তানৰ মাতৃ হৈও ঘৰুৱা কাম-কাজৰ সমান্তৰালকৈ অব্যাহত ৰখা চৰ্চাৰ ফলত সম্ভৱ হৈছে এই সফলতা । যাৰ বাবে সকলোৰে আদৰ্শ হৈ পৰিছে মহিলা গৰাকী । মহিলা গৰাকীৰ পৰিয়াল তথা সমগ্ৰ নাৰায়ণপুৰবাসীৰ এটাই আশা এছিয়ান চেম্পিয়নশ্বিপতো উজলি উঠক ৰিজুমনি শইকীয়া ফুকন ।
লগতে পঢ়ক:স্বৰ্ণৰ দিশে আগবাঢ়ি ব্ৰঞ্জত স্তব্ধ লাভলীনাৰ অলিম্পিক যাত্ৰা