ETV Bharat / state

নাৰায়ণপুৰত কৰ্কট ৰোগীৰ আকস্মিক মৃত্যুক লৈ চাঞ্চল্য

লখিমপুৰৰ বিহপুৰীয়াত কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰতিক্ষা বৰুৱা নামৰ কিশোৰীগৰাকীৰ মৃত্যুক লৈ শংকিত হৈ পৰে অঞ্চলবাসী ৷ বিগত 10 দিন পূৰ্বে গুৱাহাটীৰ বি বৰুৱা কেন্সাৰ হাস্পাতালৰ পৰা চিকিৎসকে সুস্থ বুলি ঘৰলৈ পঠিয়াই দিছিল কিশোৰীগৰাকীক ৷ হোম কোৱাৰেইণ্টাইনত থকাৰ পিছত বৃহস্পতিবাৰে প্ৰতিক্ষাৰ আকস্মিক মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হয় অঞ্চলবাসীৰ মাজত ৷

নাৰায়ণপুৰত কৰ্কট ৰোগীৰ আকস্মিক মৃত্যু
নাৰায়ণপুৰত কৰ্কট ৰোগীৰ আকস্মিক মৃত্যু
author img

By

Published : May 21, 2020, 4:06 PM IST

লখিমপুৰ, 21 মে’: লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ মাঘনোৱা অঞ্চলত বৃহস্পতিবাৰে কৰ্কট ৰোগত আক্ৰান্ত হৈ এগৰাকী কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় আতংকময় পৰিৱেশৰ ৷ বিগত 10 দিন পূৰ্বে গুৱাহাটীৰ বি বৰুৱা কেন্সাৰ হাস্পাতালৰ পৰা উভতিছিল কৰ্কট ৰোগত আক্ৰান্ত হোৱা প্ৰতিক্ষা বৰা নামৰ কিশোৰীগৰাকী ৷ কৰ্কট ৰোগৰ বাবে প্ৰতিক্ষাৰ সোঁ ভৰিখন কাটি পেলোৱা হয় ৷

চিকিৎসকে সুস্থ বুলি ঘৰলৈ পঠিয়াই দিয়াৰ পিছত হোম কোৱাৰেইণ্টাইনত কৰি ৰখা হৈছিল কিশোৰীগৰাকীসহ পৰিয়ালটোক ৷ যুৱতীগৰাকীৰ আকস্মিক মৃত্যুত শংকিত হৈ পৰে অঞ্চলবাসী ৷

নাৰায়ণপুৰত কৰ্কট ৰোগীৰ আকস্মিক মৃত্যু

মৃত্যুৰ পূৰ্বে লক্ষীমপুৰ জিলা স্বাস্থ্য বিভাগৰ এটা দল আহি মৃত প্ৰতিক্ষা বৰাৰ তেজৰ নমুনা সংগ্ৰহ কৰি লাহোৱাল পৰীক্ষাগাৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিছিল ৷ সম্প্ৰতি মৃতদেহটো স্বাস্থ্য বিভাগে তেওঁলোকৰ জিম্মাত ৰাখিছে ৷ লগতে স্বাস্থ্য বিভাগে লোৱা নমুনাৰ পৰীক্ষাৰ ফলাফলৰ পাছতহে মৃত কিশোৰীগৰাকীৰ সৎকাৰ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: "আম্ফান"ৰ বাবে গোৱালপাৰাত সতৰ্কতা জাৰি জিলা উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.