ETV Bharat / state

গণৰাজ্য দিৱসঃ লখিমপুৰত পতাকা উত্তোলন কৰিলে মন্ত্ৰী ৰঞ্জিত দত্তই - মন্ত্ৰী ৰঞ্জিত দত্ত

লখিমপুৰত জিলা প্ৰশাসনৰ উদ্যোগত ৭২ সংখ্যক গণৰাজ্য দিৱস পালন । উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিলে মন্ত্ৰী ৰঞ্জিত দত্তই ।

লখিমপুৰত পতাকা উত্তোলন কৰিলে মন্ত্ৰী ৰঞ্জিত দত্তই

author img

By

Published : Jan 26, 2021, 5:10 PM IST

নাওবৈচা, ২৬ জানুৱাৰী: কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে সমগ্ৰ দেশতে আজি পালন কৰা হৈছে ৭২ সংখ্যক গণৰাজ্য দিৱস । লখিমপুৰ নগৰৰ মাজমজিয়াত থকা উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰতো গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে । এই অনুষ্ঠানতে পুৱা ৯ বজাত পতাকা উত্তোলন কৰে জলসিঞ্চন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই ।

লখিমপুৰত পতাকা উত্তোলন কৰিলে মন্ত্ৰী ৰঞ্জিত দত্তই

লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত গণৰাজ্য দিৱসৰ অনুষ্ঠানত জিলা উপায়ুক্ত ড০ জীৱন বি, জিলা আৰক্ষী অধীক্ষক লিংটন তেৰাং উপস্থিত থাকে । পতাকা উত্তোলনৰ পাছত চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন অভিলাষী আঁচনিসমূহৰ বিষয়ে বক্তব্য আগবঢ়ায় মন্ত্ৰী ৰঞ্জিত দত্তই । এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ স্কাউট এণ্ড গাইডৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সামৰিক বাহিনীৰ জোৱানে অভিবাদন জনায় ।

লগতে পঢ়ক:কৃষকৰ সমৰ্থনত শিলচৰত প্ৰতিবাদী সমদল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.