ETV Bharat / state

Brave VDP member of Lakhimpur : গাঁওৰক্ষী বাহিনীৰ ৪ সাহসী সদস্যক লৈ আজিও গৰ্বিত লখিমপুৰবাসী

author img

By

Published : Mar 2, 2023, 9:31 PM IST

১৯৬৫ চনৰ ২ অক্টোবৰৰ নিশা লখিমপুৰত সাহসিকতাৰ পৰিচয় দিছিল ৪ গাঁওৰক্ষী বাহিনীৰ সদস্যই (4 brave VDP members)। ৩ অস্ত্ৰধাৰী ইউৰোপীয়ান লোকক কৰায়ত্ত কৰিছিল তেওঁলোকে । কিন্তু আজি চৰকাৰে পাহৰিলে সেই সাহসী সদস্যকেইজনক । গাঁওৰক্ষী বাহিনীৰ সদস্যকেইজনৰ স্মৃতিৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী ৰাইজৰ ।

Brave VDP member of Lakhimpur
গাঁওৰক্ষী বাহিনীৰ ৪ সাহসী সদস্যক লৈ আজিও গৰ্বিত লখিমপুৰবাসী

লখিমপুৰ, ২ মাৰ্চ : দেশৰ সুৰক্ষা, অখণ্ডতা ৰক্ষাৰ হকে বহুলোকে জীৱন উছৰ্গা কৰিছে । কিন্তু জীৱিকাৰ বাবে নহয়, কেৱল দেশ প্ৰেমত উদ্বুদ্ধ হৈ দেশৰ সুৰক্ষাত অৰিহণা যোগোৱা লোকৰ সংখ্যা বৰ কম নহয় । পিছে পোহৰলৈ নাহে তেনে বহু ঘটনা । লখিমপুৰতো আছে তেনে এক কাহিনী । নিশা তিনি ইউৰোপীয়ানৰ পিষ্টলকো কেৰেপ নকৰি তেওঁলোকক দেশৰ পৰা বাহিৰ কৰি দিয়াত মুখ্য ভূমিকা লৈছিল লখিমপুৰ নগৰৰ সমীপৰ চাবতিৰ ৪ গৰাকী গাঁওৰক্ষী বাহিনীৰ সদস্যই (4 brave members of VDP in Lakhimpur)।

সেই স্মৰণীয় দিনটো আছিল ১৯৬৫ চনৰ ২ অক্টোবৰৰ । দেশ বিৰোধী লোকক কৰায়ত্ত কৰি দেশান্তৰ কৰাত তেওঁলোকে লৈছিল সাহসেৰে উদ্যোগ । সেয়ে লখিমপুৰ নগৰৰ চাবতিৰ সেই কেইগৰাকী প্ৰয়াত সাহসী ব্যক্তিৰ স্মৃতি যুগমীয়া কৰাৰ বাবে ৰাইজে দাবী জনাই আহিছে । তেওঁলোকৰ স্মৃতি যুগমীয়া কৰাৰ বাবে অন্যান্য পদক্ষেপৰ লগতে ৰাজহুৱা স্থানত স্মৃতিস্তম্ভ নিৰ্মাণৰ দাবী তুলিছে ৰাইজে (Demand for construction of monument)।

সেই ৪ গৰাকী আছিল চাবতিৰ অৰুণোদয় গাঁওৰক্ষী বাহিনীৰ সদস্য । সাহসী সদস্য কেইজন হৈছে কনক চন্দ্ৰ বৰ্মন, খগেন্দ্র নাথ ভৰালী, ধনেশ্বৰ চুতীয়া আৰু আলি নাজিম হুছেইন । তেওঁলোকে গাঁওৰক্ষী বাহিনীৰ সদস্য হিচাপে পহৰা দি থকা সময়তে তিনিজন ইউৰোপীয়ান লোকে অঞ্চলটোত প্ৰৱেশ কৰিছিল । লগে লগে তেওঁলোকে ইউৰোপিয়ান কেইজনক সোধা-পোছা কৰাৰ লগতে বহীত তেওঁলোকৰ নাম ঠিকনা লিখিবলৈ দিয়ে ।

পিছে ইউৰোপীয়ান লোককেইজনে গাঁওৰক্ষী বাহিনীৰ সদস্য কেইজনক সহযোগ কৰাৰ বিপৰীতে ধমক হে দিয়ে । পিষ্টল উলিয়াই ভাবুকি প্ৰদান কৰে । আনহাতে তেওঁলোকৰ বহীত ভাৰত বিৰোধী বক্তব্য লিখি বহীখন হাবিলৈ দলিয়াই দিয়ে । গাঁওৰক্ষী বাহিনীৰ সদস্য কেইজনক ভাবুকি দি তেওঁলোক আতৰি যাবলৈ লয় । লগে লগে সদস্য কেইজনে তেতিয়াৰ মহকুমাধিপতিৰে যোগাযোগ কৰে আৰু প্ৰশাসনৰ লোকৰ সৈতে নিশাই ইউৰোপীয়ান কেইজনক বিচাৰি যায় ।

অৱশেষত পুৱাৰ পূৰ্বেই জহিংকয়লামাৰী বাগিচাত গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে ইউৰোপীয়ান কেইজনক বিচাৰি উলিয়ায় । ইউৰোপীয়ান কেইজনে জীপ লৈ পলাবলৈ বিচাৰিছিল যদিও সাহসেৰে গাঁওৰক্ষী বাহিনীৰ সদস্য কেইজনে তেওঁলোকক কৰায়ত্ত কৰে ।

পৰৱৰ্তী সময়ত ইউৰোপীয়ান কেইজনৰ বিচাৰ চলে আৰু চৰকাৰে তেওঁলোকক ভাৰত বিৰোধী ৰূপে অভিযুক্ত কৰি দেশান্তৰিত কৰে । তেতিয়াৰ পৰাই সেই ৪ গৰাকী সাহসী গাঁওৰক্ষী বাহিনীৰ সদস্য অঞ্চলটোৰ বাবে সাহস আৰু গৌৰৱৰ প্ৰতীক হৈ আছে (Brave VDP members of Lakhimpur)। প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্রী হৈ থকা সময়ত সেই ৪ জন লোকক সন্মানিত কৰা হৈছিল । পৰৱৰ্তী সময়ত আটাইকেইজন সাহসী লোকৰ মৃত্যু হয় যদিও তেওঁলোকৰ সাহসৰ কাহিনী অঞ্চলটোৰ হৃদয়ত খোদিত হৈ থাকে ।

কিন্তু আজিলৈ তেওঁলোকৰ স্মৃতিত চৰকাৰে কোনো পদক্ষেপ লোৱা নাই । যাৰ বাবে সাহসী গাঁওৰক্ষী বাহিনীৰ ৪ সদস্যৰ স্মৃতিত পদক্ষেপ ল'বলৈ চৰকাৰক দাবী জনাইছে । ৰাইজে ইতিমধ্যে জিলাৰ উপায়ুক্তকো এই সন্দৰ্ভত ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে । কেৱল জিলা প্ৰশাসন অথবা ৰাজ্য চৰকাৰেই নহয় কেন্দ্রীয় চৰকাৰেও পদক্ষেপ লৈ এই ৪ গৰাকী সাহসী লোকৰ স্মৃতি যুগমীয়া কৰাৰ বাবে ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক :Primary TET teachers of Assam: গুণোৎসৱৰ গ্ৰেড চাই চাকৰি নিয়মীয়াকৰণৰ বিৰোধিতা প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.